Breaking

মোবাইল সম্পৰ্কীয় ৫টা নতুন নীতি সলনি হ’ব ১ ছেপ্টেম্বৰত

0 2,028

মোবাইল ব্যৱহাৰকাৰী সকলৰ বাবে গুগলে উলিয়ালে নতুন নীতি।এই নতুন নীতি ১ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হ’ব। পাঁচটা মুখ্য মোবাইল সম্পৰ্কীয় নিয়ম সলনি হ’বলৈ গৈ আছে আৰু ই আপোনাৰ পকেটত পোনপটীয়াকৈ প্ৰভাৱ পেলাব। নতুন নিয়ম অনুসৰি , যদি আপুনি আপোনাৰ ম’বাইলত ডিজনী প্লাছ হ’টষ্টাৰ ব্যৱহাৰ কৰে তেন্তে আপুনি ব্যয়বহুলভাৱে ৰিচাৰ্ছ কৰিব লাগিব। সলনি হ’বলৈ গৈ থকা নিয়ম পাঁচটা হ’ল-
*ভূৱা সমলৰ প্ৰচাৰ কৰা এপ্পবোৰ ১ ছেপ্টেম্বৰৰ পৰা নিষিদ্ধ কৰা হ’ব।
*১৫ ছেপ্টেম্বৰৰ পৰা প্ৰৱঞ্চনামুলক এপ্প বন্ধ কৰিব লাগিব। গুগল প্লে ষ্টোৰৰ জৰিয়তে ঋণ প্ৰাপ্ত কৰাৰ নামত প্ৰৱঞ্চনা কৰা চমু ব্যক্তিগত ঋণ এপ্পবোৰ ভাৰতত নিষিদ্ধ কৰা হ’ব।
*গুগল ড্ৰাইভ সলনি হ’ব। গুগল ড্ৰাইভৰ ব্যৱহাৰ আগৰ তুলনাত সুৰক্ষিত হ’ব।
*অ’টিটি এপ্প চাবস্ক্ৰিপশ্বন এছ.ও.টি. প্লেটফৰ্ম ডিজনী প্লাছ হটষ্টাৰৰ সদস্যতাত ১ ছেপ্টেম্বৰত ভাৰতত ব্যয়বহুল হ’ৱ।৩৯৯ টকাৰ পৰিবৰ্তে ৪৯৯ টকা পৰিশোধ কৰিব লাগিব।
*আমাজনৰ পৰা সামগ্ৰী ব্যয় বহুল হ’ব। ডিজেল আৰু পেট্ৰলৰ মূল্য বৃদ্ধি হোৱাৰ লগে লগে আমাজনে লজিষ্টিক ব্যয় বৃদ্ধি কৰিব পাৰে।

Leave A Reply