Breaking

সপোন ভগা এজাক কিশোৰীয়ে নতুনকৈ গঢ়িলে জীৱনৰ বাট : বিদ্যালয় আধাতে এৰা ৫ ছাত্ৰী প্ৰথম বিভাগত উত্তীৰ্ণ : বৰপেটা জিলাৰ কস্তুৰবা গান্ধী বিদ্যালয়ৰ সফলতা ।

0 1,123

পাকাবেতবাৰী : বৰপেটাত জিলিকি উঠিছে সপোন ভগা এজাক কিশোৰী৷ আধাতে পঢ়া-শুনা বাদ দি লোকৰ ঘৰত কাম-বন কৰিবলৈ বাধ্য হোৱা দুখীয়া পৰিয়ালৰ তেনে বহু কিশোৰীয়ে কস্তুৰবা গান্ধী আৱাসিক বিদ্যালয়ৰ জৰিয়তে নতুনকৈ জীৱনটো গঢ় দিবলৈ যত্ন কৰিছে ৷ সমাজৰ দুখীয়া পৰিয়ালৰ বহু কন্যা শিশু বা কিশোৰীয়ে আৰ্থিক দূৰৱস্থাৰ বাবে আধাতে পঢ়া-শুনা সামৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়৷ আধাতে বিদ্যালয় সামৰা এই কিশোৰীসকলক সমগ্ৰ শিক্ষা আঁচনিৰ অধীনত পৰিচালিত কস্তুৰবা গান্ধী আৱাসিক বিদ্যালয়ত নামভৰ্তি কৰি ভগা সপোন নতুনকৈ জোৰা লগোৱাৰ প্ৰয়াস চলাই আহিছে শিক্ষা বিভাগে ৷ ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ শিক্ষা প্ৰদানৰ ব্যৱস্থা থকা এই বিদ্যালয়সমুহৰ ভিতৰত বৰপেটা জিলাৰ সমগ্ৰ শিক্ষা আঁচনিৰ অধীনত থকা ৫ খনকৈ কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ ভিতৰত বৰপেটা, চেঙা, গোৱৰ্ধনা, মন্দিয়া আৰু পাকাবেতবাৰীৰ কস্তুৰৱা গান্ধী বালিকা বিদ্যালয়কেইখনৰ পৰা এইবেলি ৫২ গৰাকী ছাত্ৰীয়ে প্ৰথমবাৰৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা এই ৫২ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৩৭ গৰাকী ছাত্ৰীয়ে কৃতিত্বৰে উত্তীৰ্ণ হবলৈ সক্ষম হৈছে ৷ যিসকল কিশোৰীয়ে এদিন দাৰিদ্ৰ বা পৰিয়ালৰ সমস্যাৰ বাবে আধাতে বিদ্যালয় এৰিবলৈ বাধ্য হৈ পৰিছিল সেই কিশোৰীসকলৰ মাজৰেই ৫ গৰাকী ছাত্ৰীয়ে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত আনকি প্ৰথম বিভাগত উতীৰ্ণ হবলৈ সক্ষম হৈছে ৷ আনহাতে ইয়াৰে ভিতৰত ১৫ গৰাকী ছাত্ৰীয়ে দ্বিতীয় বিভাগ আৰু ১৮ গৰাকী ছাত্ৰীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হৈ দৰিদ্ৰ পৰিয়াল সমূহলৈ আশা আৰু আনন্দৰ বতৰা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৷ আনহাতে এই ফলাফলৰ জৰিয়তে চৰকাৰে সমগ্ৰ শিক্ষা আঁচনিৰ জৰিয়তে বিদ্যালয় আধাতে এৰা ছাত্ৰীসকলক পুনৰ বিদ্যালয়লৈ ঘূৰাই অনা আৰু সকলোৰে বাবে শিক্ষা আঁচনিখনকে সফল কৰি তুলিছে আৰু সমাজলৈ শুভ বাৰ্তা কঢ়িয়াই আনিছে ৷ উল্লেখ্য যে, বৰপেটা জিলাত থকা ৫ খনকৈ কস্তুৰবা গান্ধী আৱাসিক বিদ্যালয়ৰ ভিতৰত বৰপেটা, চেঙা, গোৱৰ্ধনা আৰু পাকাবেতবাৰী বিদ্যালয় চাৰিখনৰ ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ১০০ শতাংশ উত্তীৰ্ণ হয় ৷ ইয়াৰ ফলত সমগ্ৰ ৰাজ্যৰ ভিতৰতে কস্তুৰবা গান্ধী আৱাসিক বিদ্যালয়ৰ ফলাফল অনুসৰি বৰপেটা জিলাই প্ৰথম স্থান অধিকাৰ কৰিবলৈকো সক্ষম হৈছে ৷ ইপিনে আধাতে বিদ্যালয় সামৰি পুনৰ শিক্ষা বিভাগৰ তৎপৰতাত কস্তুৰবা গান্ধী আৱাসিক বিদ্যালয়ত পঢ়া শুনা কৰি সাফল্যৰ বাৰ্তা কঢ়িয়াবলৈ সক্ষম হোৱা ছাত্ৰীসকলক শিক্ষা বিভাগৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় ৷ আজি বৰপেটাৰ কস্তুৰবা গান্ধী বিদ্যালয় চৌহদত আয়োজিত এখন সম্বৰ্ধনা সভাত বিদ্যালয়খনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয় ৷ উক্ত সম্বৰ্ধনা সভাখনত শিক্ষা বিভাগৰ দায়িত্বত থকা বৰপেটাৰ অতিৰিক্ত উপায়ুক্ত পুলক পাটগিৰি আৰু জিলা আচনি বিষয়া ৰঞ্জন দাসে অংশগ্ৰহন কৰি ছাত্ৰীসকলক সম্বৰ্ধনা জনায় ৷ আনহাতে ছাত্ৰীসকলক শিক্ষা বিভাগৰ পৰা কিছু শিকন সামগ্ৰীও প্ৰদান কৰা হয়৷

Leave A Reply