Breaking

শিৱসাগৰৰ নাজিৰাত অসম জাতীয়তাবাদী যুৱ পৰিষদ (AJYP)ৰ ৫ যুৱকৰ ব্যৱসায়ীক চান্দা সংগ্ৰহৰ নামত হাৰাশাস্তি! চান্দাৰ অপ-সংস্কৃতি বন্ধ কৰিবলৈ কঠোৰ নিৰ্দেশ ডিজিপি ভাস্কৰজ্যোতি মহন্তৰ

0 1,644

চন্দা তুলিলেই হ’ব জেইল, নাজিৰাত আৰক্ষীয়ে নিশা জব্দ কৰিছে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ৰচীদ; চিনাক্ত হৈছে কেইবাজনো যুৱক। জাতীয় সংগঠনৰ চান্দা, এতিয়াৰ পৰা নচলিব ধান্দা । চান্দা আৰু এতিয়াৰে পৰা নহ’ব ধান্দা । সান্দহ খোৱা বালি তল গ’ল একাংশ জাতীয় সংগঠনৰ । চান্দা অপ-সংস্কৃতিৰ বন্ধ কৰিছে হিমন্ত চৰকাৰে । জাতীয় সংগঠন তথা ছাত্ৰ নেতাৰ সম্পত্তিৰ উৎস কি ? চান্দা নে আন কিবা ? এই কথা সৰ্বসাধাৰণৰ মুখে মুখে । চান্দাৰ নামত ৰাজ্যত চলে একাংশ জাতীয় সংগঠনৰ দাবী, ধমকি আৰু ব্যৱসায়ীক হাৰাশাস্তিৰ অভিযোগ ।

বিগত বৃহস্পতিবাৰৰ আবেলি পৰত শিৱসাগৰৰ নাজিৰা নগৰত অসম জাতীয়তাবাদী যুৱ পৰিষদ (AJYP)ৰ ৫ যুৱকে ব্যৱসায়ীক চান্দা সংগ্ৰহৰ নামত হাৰাশাস্তি কৰাৰ অভিযোগ উঠিছে । ব্যৱসায়ীৰ পৰা সংগ্ৰহ কৰিছে ১০০০ৰ পৰা ১৫০০টকা পৰ্যন্ত ধন । চান্দা তুলিলেই হ’ব জেইল । চান্দা অপ-সংস্কৃতি, ধনদাবীৰ দোকান বন্ধ কৰাৰ বিৰুদ্ধে কঠোৰ অসম আৰক্ষী । ব্যৱসায়ী অতিষ্ঠ হৈ নাজিৰা আদৰ্শ আৰক্ষী থানাত খবৰ দিয়ে । এই যুৱক কেইজনে এটা মাহত তিনিবাৰ পৰ্যন্ত ব্যৱসায়ীৰ ওচৰত চান্দা বিচাৰি অহাৰ অভিযোগ তোলিছে স্বয়ং ব্যৱসায়ীয়ে । চন্দাৰ অপ-সংস্কৃতি বন্ধ কৰিবলৈ কঠোৰ নিৰ্দেশ ডিজিপি ভাস্কৰজ্যোতি মহন্তৰ ।

এখন TATA NEXON AS 04 AD 0737 নম্বৰৰ বাহনত বিগত দিনা আবেলি পৰত ওপৰ নাজিৰাৰ চুনিল দাস, শিৱসাগৰৰ ষ্টেচন চাৰিআলিৰ বাবুল বড়াৰ সৈতে আন তিনিজন যুৱকে নগৰখনৰ একাংশ ব্যৱসায়ীৰ পৰা বিভিন্ন কৌশলেৰে ধন সংগ্ৰহ কৰাৰ তথ্য চি চি টিভি কেমেৰাত আবদ্ধ হৈছে । সামান্তৰাল ভাৱে নাজিৰা আৰক্ষীয়ে নিশা অভিযান চলাই অসম জাতীয়তাবাদী যুৱ পৰিষদ (AJYP)ৰ ভালে কেইখন ৰচীদ জব্দ কৰিছে । প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষকলৈ চান্দাৰ অপ-সংস্কৃতি বন্ধৰ ব্যৱস্থা কৰিবলৈ পত্ৰৰ যোগে প্ৰেৰণ কৰিছে কঠোৰ নিৰ্দেশ ।


আচৰ্যজনক বিষয়টো হ’ল সংগঠনটোৰ মুখ্য কাৰ্যালয় ডি ডি এ মাৰ্কেটকমপ্লেক্স, চৌকিডিঙ্গি, ডিব্ৰুগড় – ৭৮৬০০১ তথা যুৱক কেইজনে ব্যৱহাৰ কৰা ৰচীদ সমূহত সভাপতি, সাধাৰণ সম্পাদক আৰু বিত্ত সম্পাদকৰ স্বাক্ষ্যৰ সমূহ ষ্টাম্পৰ এক কৌশলগত স্বাক্ষ্যৰে অবৈধ ভাৱে ধন সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে । চান্দা, ধন দাবীৰ বলি হ’লেই আপুনি খবৰ দিয়ক আৰক্ষীক । ইতিমধ্যে ফোন নম্বৰ মুকলি কৰিছে আৰক্ষীয়ে । শিৱসাগৰ আৰক্ষীৰ ফোন নম্বৰ ৯৪৩৫৫-০০৫৯৭ । সম্প্ৰতি নগৰখনৰ পৰা যুৱক কেইজন পলায়ন কৰা অভিযোগ উঠিছে।

Leave A Reply