Breaking

মুছলপুৰত শীঘ্ৰেই নিৰ্মাণ হব ৫০ কোটি টকীয়া গ্ৰাম্য ক্ৰীড়া কেন্দ্ৰ :মন্ত্ৰী ইউ জি ব্ৰহ্ম

0 26

বাক্সাৰ হাৰিভাঙাত গলডিং নদীৰ ওপৰত আৰ চি চি দলঙৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই। গ্ৰাম্য আন্তঃগাঁঠনি উন্নয়ণ পুঁজিৰ অধীনত মুঠ ২ কোটি ৩৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ২৫ মিটাৰ আৰচিচি এই দলং খনৰ সৈতে পথছোৱাৰ দৈৰ্ঘ্য ৬০০ মিটাৰ হ’ব। উল্লেখ্য যে দীৰ্ঘদিনৰ পৰা স্থানীয় লোকে এই দলংখন নিৰ্মাণ কৰিবলৈ দাবী জনাই আহিছিল। আধাৰশিলা স্থাপন কৰি মন্ত্ৰী গৰাকীয়ে কয় যে এই দলংখন নিৰ্মাণৰ বাবে স্থানীয় লোকে দাবী জনাই আহিছিল যদিও বিগত সোতৰ বছৰ ধৰি বিপিএফৰ শাসনত নিৰ্মাণ নকৰিলে। আনহাতে বিপিএফৰ শাসনত যি কেইখন দলং নিৰ্মাণ কৰিছিল সেই আটাইবোৰ দলঙে নিম্ন মানৰ হোৱাৰ লগতে অৰ্ধনিৰ্মিত কৰি ৰাখিছিল বুলিও মন্তব্য কৰে।

আনহাতে অতিশীঘ্ৰে মুছলপুৰত এটা ৫০ কোটি টকীয়া ব্যয়সাপেক্ষে গ্ৰাম্য ক্ৰীড়া কেন্দ্ৰ স্থাপন কৰা হব বুলি মন্তব্য কৰি তেখেতে কয় যে মুখ্যমন্ত্ৰীয়ে শিলান্যাস স্থাপন কৰাৰ পিছতে ক্ৰীড়াৰ ক্ষেত্ৰত বাক্সা জিলাখন আগুৱাই যাব। আজিৰ এই আধাৰশিলা স্থাপন কাৰ্যসূচীত বিটিচিৰ মীন আৰু পশু পালন বিভাগৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্ম, মুছলপুৰ জিলা ইউপিপিএলৰ সাধাৰণ সম্পদক (সাংগঠনিক) মইনুল আলি, চনবাৰীখূটী ভিচিডিচিৰ অধ্যক্ষ ৰত্নেশ্বৰ বড়োকে ধৰি দলীয় বহু নেতা- কৰ্মী উপস্থিত থাকে ।

Leave A Reply