Breaking

৫০ বছৰীয়া হ’ল জুবিন গাৰ্গ;হেপ্পী বাৰ্থ দে’ হাৰ্টথ্ৰ’ব…

0 78

১৯৭২চনৰ ১৮ নৱেম্বৰ অৰ্থাৎ আজিৰ দিনটোতে মেঘালয়ৰ তুৰাত জন্মগ্ৰহণ কৰিছিল অসমবাসীৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গে। আজি ৫০ বছৰত ভৰি দিলে জনপ্ৰিয় কণ্ঠশিল্পী তথা অসম গৌৰৱ জুবিন গাৰ্গে। ১৯৯২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত যুৱ মহোৎসৱত পাশ্চাত্য একক পৰিৱেশনত স্বৰ্ণ পদক অৰ্জন কৰাটোৱেই আছিল জুবিনৰ জীৱনৰ টাৰ্ণিং পইণ্ট। আৰু তেতিয়াৰ পৰাই সংগীতৰ জনগতখন হৈ পৰিল তেখেতৰ বাবে অতিকে আপোন।

জুবিন গাৰ্গ এগৰাকী ভাৰতৰ প্ৰসিদ্ধ কণ্ঠশিল্পী, সংগীত পৰিচালক, গীতিকাৰ, চলচ্চিত্ৰ পৰিচালক তথা অভিনেতা। তেখেতে অসমীয়া, হিন্দী, বঙালী, বড়োকে ধৰি কেইবাটাও ভাষাত কণ্ঠদান কৰিছে।

প্ৰতিবছৰেই জুবিনৰ অসংখ্য গুণমুগ্ধই তেওঁৰ জন্মদিনটো বিশেষভাৱে উদযাপন কৰি আহিছে৷ জন্মদিনটো বিভিন্ন স্থানত উদযাপনৰ প্ৰস্তুতি চলোৱাৰ লগতে জুবিন ফেন ক্লাবে যোৰহাটত জুবিনৰ জন্মদিনৰ বৃহৎ আয়োজন কৰিছে। অল আছাম জুবিন গাৰ্গ ফেন ক্লাবৰ উদ্যোগত যোৰহাটৰ কোৰ্ট ফিল্ডত জুবিন গাৰ্গৰ ৫০তম জন্মদিন উদযাপন।

উল্লেখ্য যে, জন্মদিন উপলক্ষে জুবিন ফেন ক্লাবে আয়োজন কৰা এই অনুষ্ঠানত জুবিন গাৰ্গ উপস্থিত থাকিব। তেওঁ মঙলবাৰে অৰ্থাৎ ১৫ তাৰিখে যোৰহাটলৈ যায় আৰু ইতিমধ্যে যোৰহাটতেই আছে। ফেন ক্লাবে জুবিনৰ ৫০তম জন্মদিনক তেওঁৰ সোণালী বৰ্ষ হিচাপে উদযাপন কৰিব। সেয়েহে ৫০ পাউণ্ড অৰ্থাৎ ২২.৬ কেজি ওজনৰ এটা জন্মদিনৰ কেক কটা হ’ব এই বিশেষ দিনটোত। জুবিনে নিজে কাটিব ৫০ পাউণ্ডৰ কেকটো।

Leave A Reply