Breaking

উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় সন্মিলনত ৫০০ উপাচাৰ্যৰ যোগদান ইউ এছ টি এমত…

0 78

“আত্মনিৰ্ভৰ ভাৰতৰ বাবে উচ্চ শিক্ষাৰ পৰিৱৰ্তনৰ পুনৰ বিবেচনাৰ প্ৰয়োজন”। ‘আত্মনিৰ্ভৰ ভাৰতৰ বাবে পৰিৱৰ্তনশীল উচ্চ শিক্ষা’ শীৰ্ষক উপাচাৰ্যসকলৰ তিনিদিনীয়া ৰাষ্ট্ৰীয় সন্মিলনখন ইউনিভাৰচিটি অব চায়েনচ এণ্ড টেকনোলোজী মেঘালয়ত (ইউ এছ টি এম) ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে উদ্বোধন কৰিব। দেশৰ ৯৭ বছৰীয়া আগশাৰীৰ উচ্চ শিক্ষাৰ অনুষ্ঠান এছ’চিয়েশ্যন অৱ ইণ্ডিয়ান ইউনিভাৰ্ছিটিজ (এ আই ইউ) আৰু ইউ এছ টি এমৰ দ্বাৰা আয়োজিত এই ববৃহৎ উচ্চ শিক্ষাৰ অনুষ্ঠানটিত বিভিন্ন বিশ্ববিদ্যালয়ৰ প্ৰায় ৬০০ উপাচাৰ্যই অংশগ্ৰহণ কৰিব। কাৰ্যসূচীৰ মাজতে এআইইউৰ ৯৭ সংখ্যক বাৰ্ষিক সাধাৰণ সভা আৰু ৯৭ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ বক্তৃতা অনুষ্ঠানো অনুষ্ঠিত হয়।সন্মিলনৰ মুকলি সভাত অসম চৰকাৰৰ মাননীয় শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগুৱে বিশেষ ভাষণ প্ৰদান কৰিব। এআইইউৰ প্ৰতিষ্ঠা দিৱসৰ বক্তৃতা প্ৰদান কৰে ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰীৰ অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ অধ্যক্ষ পদ্মশ্ৰী ড০ বিবেক দেবৰায়ে আৰু ইউএছটিএমৰ আচাৰ্য শ্ৰী মাহবুবুল হকে আদৰণি ভাষণ আগবঢ়াব। সভাপতিৰ ভাষণ প্ৰদান কৰিব এ আই ইউৰ সভাপতি তথা কলকাতাৰ যাদবপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক সুৰঞ্জন দাসে।


আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিসকলৰ সৈতে শীৰ্ষ সংস্থাসমূহৰ মুৰব্বীসকলৰ মাজত এটা ইণ্টাৰফেচ হব আৰু ইয়াৰ বক্তাসকল হল, ডo অভয় জেৰে, উপ-সভাপতি, এ আই চি টি ই; ডo আৰ চি আগৰৱালা, ডিডিজি, আই. চি. এ. আৰ, ডo পোনমুদিৰাজ, উপদেষ্টা, এন এ এ চি, অধ্যাপক ভোলা থাপা, উপাচাৰ্য, কাঠমাণ্ডু বিশ্ববিদ্যালয়, নেপাল; আদিত্য মলকানি আঞ্চলিক পৰিচালক, এ চি ইউ।সন্মিলনৰ তৃতীয় দিনৰ সামৰণি অনুষ্ঠানত অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই ভাষণ প্ৰদান কৰিব। অধিৱেশনৰ সামৰণি অনুষ্ঠানৰ সন্মানীয় অতিথিসকল হ’ল, অতুল কোঠাৰী, ৰাষ্ট্ৰীয় সম্পাদক, শিক্ষা সংস্কৃতি উত্থান ন্যাস; শ্ৰী ৰক্কম এ চাংমা, শিক্ষামন্ত্ৰী, মেঘালয়, আৰু ডo ননী গোপাল মহন্ত, শিক্ষা উপদেষ্টা, অসম চৰকাৰ। এই বৈঠকৰ আহ্বায়কসকল হ’ল এছ’চিয়েশ্যন অৱ ইণ্ডিয়ান ইউনিভাৰ্ছিটিছৰ সচিব প্ৰধান ডo পংকজ মিট্টাল আৰু এ আই ইউৰ উপাধ্যক্ষ তথা ইউ এছ টি এমৰ উপাচাৰ্য অধ্যাপক জি ডি শৰ্মা।


২৩ মাৰ্চৰ দুপৰীয়া আৰম্ভ হ’বলগীয়া এই সন্মিলন ২৫ মাৰ্চলৈকে চলিব। এই সন্মিলনৰ অধিবেশনৰ বিষয়সমূহ হ’লঃ আন্তঃৰাষ্ট্ৰীয়কৰণ: জড়িত থকাৰ পদ্ধতিসমূহ; নূন্যতম চৰকাৰ: সৰ্বাধিক শাসন আৰু বিশ্ববিদ্যালয়সমূহৰ বাবে ইয়াৰ অৰ্থ; ভাৰতীয় ভাষাৰ প্ৰচাৰ; সামগ্ৰিক শিক্ষাৰ বাবে সংস্কাৰ; গৱেষণা, উত্কৰ্ষতা আৰু শিক্ষাৰ ভৱিষ্যতৰ বাবে এক পৰিৱেশ সৃষ্টি কৰা, জ্ঞান, আৰু কৰ্মস্থলী।এই সন্মিলনত জে এন ইউ, ইগ্নো, ছিম্ব’ছিছ ইণ্টাৰনেশ্যনেল, মেছাচুচেটছ বিশ্ববিদ্যালয়, ভাৰতী বিদ্যাপীঠ, হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ আদিৰ উপাচাৰ্যসকল আৰু আই আই টি, আই আই এছ চি, এ আই চি টি, এন এ এ চি, আই চি এ আৰ, এ চি ইউ, আই আই আই আই টি আদিৰ সঞ্চালকসকলে অংশগ্ৰহণ কৰিব। প্ৰায় ৩০০খন উচ্চ শিক্ষানুষ্ঠানৰ মুৰব্বীৰ লগতে কেইবাজনো বৈদেশিক নীতি নিৰ্ধাৰকে অনলাইন পদ্ধতিৰে এই সন্মিলনত অংশগ্ৰহণ কৰিব।

Leave A Reply