Breaking

ইৰাকত উদ্ধাৰ ৫,০০০ বছৰ পুৰণি ফ্ৰিজ, লগতে ওলাল খাদ্যও

0 99

প্ৰত্নতাত্ত্বিকসকলে দক্ষিণ ইৰাকৰ এটা মধুশালাৰ ধ্বংসাৱশেষৰ মাজত এক আকৰ্ষণীয় বস্তু আৱিষ্কাৰ কৰিছে। যিটো প্ৰায় ৫,০০০ বছৰ পুৰণি বুলি থাৱৰ কৰা হৈছে। এই অনুসন্ধানে পৃথিৱীৰ প্ৰথম খন আধুনিক চহৰৰ দৈনন্দিন জীৱনৰ বিষয়ত আলোকপাত কৰিব বুলি আশা কৰা হৈছে।


শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইটালীৰ এটা পুৰাতাত্বিকৰ দলে দক্ষীণ ইৰাকৰ নাছিৰিয়াৰ উত্তৰ-পূবত থকা প্ৰাচীন লাগাছৰ ধ্বংসাৱশেষত আৱিষ্কাৰ কৰে এটা ফ্ৰীজ। প্ৰাচীন ইৰাকৰ চুমেৰিয়ান সভ্যতাৰ প্ৰাচীনতম নগৰীয় কেন্দ্ৰ হিচাপে পৰিচিত চহৰ আল-হিবাত খননকাৰ্যৰ পিছত গৱেষকসকলে এখন মুকলি চোতাল বিচাৰি পাইছে, যি খন চোতাল খাদ্য গ্ৰহণৰ স্থান হিচাবে ব্যৱহাৰ কৰা হৈছিল।

তাত লগতে বেঞ্চ, এটা অভেন, প্ৰাচীন খাদ্যৰ ধ্বংসাৱশেষ, আৰু ৫,০০০ বছৰ পুৰণি আৰ্দ্ৰতা-ৰক্ষা কৰিব পৰা গাঁথনিৰ এক খাদ্য শীতল ৰাখিবলৈ ব্যৱহাৰ কৰা যন্ত্ৰৰ সন্ধান পোৱা গৈছে। সেই যন্ত্ৰক ‘আধুনিক দিনৰ ফ্ৰিজ’ৰ সৈতে তুলনা কৰিব পাৰি বুলি গৱেষকৰ দলটোৱে কৈছে। দলটোৱে শঙ্কু আকৃতিৰ বাটিও আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে, য’ত মাছৰ অৱশিষ্ট অংশ পোৱা গৈছে।
প্ৰকল্প পৰিচালক হলী পিটমেনে কয় ” আমি ৰেফ্ৰিজেৰেটৰ এটা পাইছো, আমি পৰিৱেশন কৰিবলৈ সাজু শ শ ভেড়া ছাগলীৰ অৱশিষ্টও পাইছো, মানুহে বহিব পৰা বেঞ্চ, আৰু ৰেফ্ৰিজেৰেটৰৰ পিছফালে এটা অভেন পাইছো যাক ব্যৱহাৰ কৰা হৈছিল খাদ্য ৰন্ধাৰ বাবে।”


উল্লেখ্য পুৰাতত্ববিদসকলে সেই স্থানত বিয়েৰ পান কৰাৰো প্ৰমাণ পাইছে। গৱেষকগৰাকীয় কয় যে সুমেৰিয়ানসকলে হয়তো সেই স্থান ডোখৰক বাৰ হিচাবেও ব্যৱহাৰ কৰিছিল। তেওঁ লগতে কয় যে অঞ্চলটোত খনন কৰা এটা মন্দিৰত এটা বিয়েৰৰ ৰেচিপি পোৱা গৈছে।


উল্লেখ্য পেন মিউজিয়াম, কেমব্ৰিজ বিশ্ববিদ্যালয় আৰু বাগদাদৰ ষ্টেট ব’ৰ্ড অফ এণ্টিকুইটিজ এণ্ড হেৰিটেজে ২০১৯ চনত সেই স্থানত খনন কাৰ্য পুনৰ আৰম্ভ হৈছিল।

Leave A Reply