Breaking

শিৱসাগৰত খাদ্য আন্দোলন, অর্থনৈতিক স্বাৱলম্বনৰ অধিকাৰ চনদৰ ৫০ বর্ষপূর্তি উদযাপনঃ শ্বহীদলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

0 24

অসমৰ ঐতিহাসিক ১৯৭৪ চনৰ খাদ্য আন্দোলন আৰু থলুৱাৰ অর্থনৈতিক স্বাৱলম্বনৰ অধিকাৰ চনদ ৫০ বছৰ পূৰ্তি উপলক্ষে শিৱসাগৰ চহৰত গাম্ভীৰ্যপূৰ্ণ এক অনুষ্ঠান অনুষ্ঠিত হৈ যায়। নিখিল অসম সমাজবাদী জনগণতান্ত্রিক গণস্বৰাজ পাৰ্টি আৰু দিখৌপৰীয়াৰ সন্মিলিত যুৱ সংঘৰ যৌথ উদ্যোগত দলমুখ চাৰিআলিৰ খেমকা মাতৃ সেৱা সদনৰ সন্মুখত থকা ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ আৱক্ষমূৰ্ত্তিৰ সন্মুখত শ্রদ্ধাঞ্জলী অনুষ্ঠানআয়োজন কৰা হয়। ৫০ বছৰ পূৰ্বে ১০ জুন দিনটোতেই খাদ্য আন্দোলন আৰু থলুৱাকৰ অৰ্থনৈতিক স্বাৱলম্বনৰ অধিকাৰ চনদৰ বিপক্ষে আন্দোলন কৰি প্ৰাণ আহুতি দিয়া জাতীয় শ্বহীদ গজেন ইংতি আৰু পুভুল শ‍ইকীয়াৰ উপৰি ছিলঙত মৃত্যুবৰণ কৰা অচিনাক্ত ছয়গৰাকী শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰা হয়। দিখৌপৰীয়া সন্মিলিত যুৱ সংঘৰ সভাপতি তথা সমাজকর্মী ড০ জেহিৰুদ্দিন খান, জ্যেষ্ঠ সাংবাদিক মনিবল ইছলাম বড়া আৰু এনামুদ্দিন আহমেদে জাতীয় শ্বহীদ কেইজনৰ প্ৰতি শ্ৰদ্ধা জনাই বন্তি প্ৰজ্বলন কৰে।

গণস্বৰাজ পাৰ্টিৰ ৰাজ্যিক আহ্বায়ক তথা সাংবাদিক প্রাঞ্জল ৰাজগুৰুৱে আঁত ধৰি তদানিন্তন বিশ্ব ৰাজনীতিৰ প্ৰেক্ষাপটত ভাৰত চৰকাৰে মার্কিন যুক্তৰাষ্ট্ৰৰ সৈতে সম্পন্ন কৰা PL Act 480/1973-74 to 1979 মৰ্মে দেশৰ নাগৰিকক ভোকত ৰাখিও ভাৰতৰ কৃষিজাত সম্পদ ৰপ্তানি কৰাৰ দেশবিৰোধী নীতিৰ প্ৰতিবাদ কৰি অসমৰ ভূৰবন্ধাৰ দুই শ্বহীদ গজেন-পুতুল আৰু ছিলঙৰ ছয়জন শহীদে কোটি কোটি ভুকাতুৰ লোকৰ হকে মৃত্যুবৰণ কৰি চিৰকাললৈ বুৰঞ্জীত অমৰ হ’ল বুলি মন্তব্য কৰে। ভাষণ প্ৰসংগত নিৱন্ধকাৰ সাংবাদিক এনামুদ্দিন আহমেদে অসমৰ অৰ্থনৈতিক স্বাৱলম্বন আৰু খাদ্য সংকটৰ সমস্যা ৫০ বছৰেও পূৰ নহ’ল বুলি আক্ষেপ কৰে। অসমে শ্ৰম আৰু উৎপাদনৰ সংগ্ৰাম কৰিবই লাগিব বুলি বক্তা গৰাকীয়ে মন্তব্য কৰে। আনহাতে অনুষ্ঠানত উপস্থিত থকা জ্যেষ্ঠ সাংবাদিক এম.আই. বড়াই অসমৰ জাতীয় জীৱনৰ খিলঞ্জীয়া সংগ্রাম অবিহনে একো লাভ নকৰাটো দুর্ভাগ্যজনক বুলি মন্তব্য কৰে। ভাষা, মাধ্যম, খাদ্য আৰু স্বাৱলম্বনৰ সংগ্রাম তথা অস্তিত্ব ৰক্ষাৰ সংগ্ৰামত জাতিপ্রেমী শ্বহীদৰ মহান ত্যাগৰ মূল্য নৱপ্ৰজন্মই সৎ উৎপাদনহীল আদর্শ আৰু শ্ৰমেৰে আগবাঢ়ি যাবলৈ আহ্বান জনায়।

ৰাজ্যৰ ভাষা আন্দোলনত শ্বহীদ হোৱা মিনেশ্বৰ দা ধৰা, গিবিশ দেউৰী, ৰঞ্জিত বৰপূজাৰী, চিচিৰ নাগ, সূৰ্য বৰা, মফিজুদ্দিন আহমেদ আৰু সুনিল সিংহৰ উপৰিও ১৯৭২ চনৰ মাধ্যম আন্দোলনৰ শ্বহীদ ক্রমে মুজাম্মিল হক, অনিল বৰা, প্রমোদ বৰা, বলিন ৰাজখোৱা, নৰেন্দ্ৰ নাথ মহন্ত আৰু উমৰ আলিৰ সন্দৰ্ভত বক্তব্য দাঙি ধৰে। অনুষ্ঠানত দিখৌ পৰীয়া সন্মিলিত যুৱ সংঘৰ সম্পাদক তথা সাংবাদিক ৰাতু কুমাৰ দাস, সমাজকর্মী প্রাঞ্জল পূজাৰী, আছিফ আলি, তছমিন আহমেদ, জাকিরুল হুছেইন, আৰবাজ খানকে আদি কৰি বহু সংখ্যক ব্যক্তি উপস্থিত থাকে।

Leave A Reply