Breaking

ডিব্ৰুগড়ত আক্ৰাছুৰ ৫১৪ সংখ্যক বীৰ চিলাৰায় দিৱস, বিশিষ্ট সাহিত্যিক ড০ শশীকান্ত শইকীয়াক চিলাৰায় বঁটা প্ৰদান…

0 33

ডিব্ৰুগড় সাহিত্য সভাৰ সভাপতি, ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ তথা বিশিষ্ট সাহিত্যিক, লেখক ড০ শশীকান্ত শইকীয়াক আজি সদৌ অসম কোঁচ ৰাজবংশী ছাত্ৰ সন্থাই প্ৰদান কৰে ‘চিলাৰায় বঁটা’। ডিব্ৰুগড় সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱনত দিনজোৰা বৰ্নাঢ্য কাৰ্যসূচীৰে ৫১৪ সংখ্যক বীৰ চিলাৰায় দিৱসৰ লগত সংগতি ৰাখি আক্ৰাছুৱে প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰা এই বঁটা বিশিষ্ট সাহিত্যিকগৰাকীক আনুষ্ঠানিকভাৱে প্ৰদান কৰে। সদৌ অসম কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি দিগন্ত শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত চিলাৰায় বঁটা গ্ৰহণ কৰি ড০ শশীকান্ত শইকীয়াহই বীৰ চিলাৰায়ক প্ৰাচীন অসমৰ আলেকজেণ্ডাৰৰ লগত তুলনা কৰি কয় — বীৰ চিলাৰায়ৰ পৰা নতুন প্ৰজন্মই বহু শিকিবলগীয়া আছে। নতুন প্ৰজন্মই চিলাৰায়ৰ বিষয়ে জনাটো অতি প্ৰয়োজন বুলি মন্তব্য কৰি কয়— অসমীয়া জাতিৰ শিপাডাল বিচাৰিবলৈ চিলাৰায়ৰ সাম্ৰাজ্যক অধ্যয়ন কৰিব লাগিব। সৌ তাহানিতে বীৰ চিলাৰায়ে মানুহক ভালপোৱাৰ আন্দোলন গঢ়ি তোলাৰ লগতে সমন্বয় আৰু সম্প্ৰীতিৰে সমাজ গঢ়িবলৈ চেষ্টা কৰিছিল। সেয়ে এই গৰাকী মহান যোদ্ধাৰ আদৰ্শক নতুন প্ৰজন্মই গ্ৰহণ কৰিব লাগিব বুলি তেওঁ মন্তব্য কৰে। অনুষ্ঠানটিত অংশগ্ৰহণ কৰি ‘অসম আদিত্য’ কাকতৰ সম্পাদক তথা বিশিষ্ট লেখক মনজিৎ বৰাই কয়— জাতি সদায় শিপাৰ সৈতে সংপৃক্ত হৈ থাকিব লাগিব।

শিপা নাথাকিলে জাতি কেতিয়াও সমৃদ্ধিশালী হৈ নাথাকে। পৰম্পৰা, সংস্কৃতি, লোকাচাৰসমূহ ৰক্ষা কৰি চলিলেহে কোঁচ ৰাজবংশী সমৃদ্ধিশালী হৈ থাকিব। কোঁচ ৰাজবংশী সমৃদ্ধিশালী হৈ থাকিলে অসমীয়া জাতি শক্তিশালী হৈ থাকিব। কিয়নো আজিৰ তাৰিখত বাৰে বাৰে ‘অসমীয়া কোন’ এই প্ৰশ্ন উঠে। এই প্ৰশ্নৰ উত্তৰ সদায় আমাৰ শিপাই দি আহিছে। জনজাতিকৰণৰ প্ৰসংগত জ্যেষ্ঠ সাংবাদিকজনে কয়— জনজাতিকৰণক লৈ চৰকাৰসমূহে প্ৰতাৰণা কৰি আহিছে কোঁচ ৰাজবংশীক। এই বিষয়টো কোঁচ ৰাজবংশী ছাত্ৰ সন্থাই শক্তিশালীভাৱে আগুৱাই নিব নোৱাৰিলে চৰকাৰ বা ৰাজনৈতিক দলসমূহে ৰাজনীতিয়ে কৰি থাকিব। উল্লেখ্য যে, আজি বীৰ চিলাৰায় দিৱসৰ লগত সংগতি ৰাখি প্ৰশান্ত শইকীয়াৰ সম্পাদনাত প্ৰকাশিত স্মৃতি গ্ৰন্থ ‘প্ৰবাহমান’ উন্মোচন কৰে জেষ্ঠ সাংবাদিক গৰাকীয়ে। আনহাতে মুকলি সভাৰ আৰম্ভনিতে সাংবাদিক হিৰণ্য বৰাই এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা শুভ উদ্বোধন কৰে। আক্ৰাছুৰ জিলা সভাপতি দিগন্ত শইকীয়াৰ পতাকা উত্তোলনেৰে শুভাৰম্ভ হোৱা কাৰ্যসূচীত বন্তি প্ৰজ্বলন কৰে লাহোৱাল কলেজৰ অধ্যাপক সৰল দত্তই। চিলাৰায়ৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰে গৃহৰক্ষী বাহিনীৰ কামাণ্ডেন্ট সুমন দাসে। শ্বহীদ তৰ্পন কৰে আক্ৰাছুৰ জিলা সম্পাদক প্ৰাঞ্জল দত্তই। মুকলি সভাখনি উদ্বোধন কৰে কানৈ মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষ নৰেন্দ্ৰ মাহেলাই। ডিব্ৰুগড় নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক উদয়ন কুমাৰ গগৈ, টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় উপ-সভাপতি হেমন্ত গগৈ, আক্ৰাছুৰ লখিমপুৰ জিলাৰ সভাপতি হিৰণ্য ৰাজখোৱা, ধেমাজি জিলা কোঁচ ৰাজবংশী মহিলা সমিতিৰ সভানেত্ৰী গোলাপী সিংহ, মৌজাদাৰ সন্থাৰ উপদেষ্টা পদ্মধৰ দত্ত, গাঁওৰক্ষী বাহিনীৰ অধিনায়ক মনোজ দত্ত, শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ, ডিব্ৰুগড় আঞ্চলিক সমিতিৰ সাংস্কৃতিক শাখাৰ সম্পাদক প্ৰশান্ত কাকতি, মৰান মহাবিদ্যালয়ৰ অধ্যাপক ড০ ৰাজীৱ হাজৰিকা, বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক ৰাতুল গোহাঁই, লোক নিৰ্মাণ বিভাগৰ অধীক্ষক অভিযন্তা প্ৰশান্ত কুমৰাল শইকীয়া, মানকটা সাহিত্য সভাৰ সভাপতি পোনা সোনোৱাল, সম্পাদক নৱনীতা শ্যাম উৰংগীয়া, সাহিত্য সভাৰ মন্দাকিনী সম্পাদক কুসুম সোনোৱাল, জ্যেষ্ঠ সাংবাদিক দেৱজিত চুতীয়া, শিক্ষয়িত্ৰী মঞ্জুলতা সোনোৱাল, সমাজ সেৱক পদ্মধৰ বৰুৱাকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। জিলা সম্পাদক প্ৰাঞ্জল দত্তই আদৰণি ভাষণ প্ৰদান কৰা সভাখনি আঁত ধৰে প্ৰশান্ত শইকীয়াই।

Leave A Reply