Breaking

মিজোৰামত জানুৱাৰীৰ পৰা জুলাইলৈকে ৫২.৮৫ কিলোগ্ৰাম হেৰ’ইন জব্দ…

0 84

মিজোৰামঃ এই বছৰ ৫২ কেজিতকৈ অধিক হেৰ’ইন জব্দ

মঙলবাৰে এক আনুষ্ঠানিক বিবৃতিত প্ৰকাশ কৰা অনুসৰি মিজোৰামত এতিয়ালৈকে আবকাৰী আৰু নিচাযুক্ত দ্ৰব্য বিভাগে জানুৱাৰীৰ পৰা জুলাইলৈকে ৫২.৮৫ কিলোগ্ৰাম হেৰ’ইন জব্দ কৰিছে।

লগতে একে সময়ছোৱাত ৩২.৯৩ কিলোগ্ৰাম মেথামফেটামাইন জব্দ কৰিছে বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে।

ইয়াৰ উপৰিও বিভাগটোৱে ৯২.২৭ কিলোগ্ৰাম গাঞ্জা (ভাং) আৰু যথেষ্ট পৰিমাণৰ নিষিদ্ধ মদ আৰু বিয়েৰ জব্দ কৰে বুলিও জানিবলৈ দিয়ে।

ইফালে, আবকাৰী আৰু নিচাযুক্ত দ্ৰব্য বিভাগৰ বিষয়াসকলে সোমবাৰে দক্ষিণ মিজোৰামৰ ছিয়াহা চহৰত ২৮০ গ্ৰাম হেৰ’ইন জব্দ কৰে বুলি মঙলবাৰে আবকাৰী আৰু নিচাযুক্ত দ্ৰব্য বিভাগৰ এক বিবৃতিত প্ৰকাশ পাইছে।

Leave A Reply