Breaking

হাজোৰ বাহানাত বিস্তৃত কাৰ্যসূচীৰে মহাপুৰুষ মাধৱদেৱৰ ৫৩৪ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উদযাপন

0 1,055

কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত মনাহকুছি বাহানাত দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আবিৰ্ভাৱ মহোৎসৱ উদযাপন কৰা হয়।শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অন্তৰ্গত মাধৱজ্যোতি প্ৰাথমিক শাখা বাহানাৰ উদ্যোগত আৰু দমদমা অঞ্চলবাসী ৰাইজৰ সহযোগত মহাপুৰুষ মাধৱদেৱৰ ৫৩৪ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ এইবেলি দুদিনীয়া বৰ্নাধ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’য়। কাৰ্যসূচী অনুসৰি প্ৰথম দিনা ৰাতিপুৱা ভাগত গছপুলি ৰোপন কৰে বাহানাৰ নৱজ্যোতি পাটোৱাৰী,বিপিন দাস আৰু চক্ৰ পাটোৱাৰীয়ে। তাৰ পিছত পতাকা উত্তোলন কৰে মাধৱজ্যোতি প্ৰাথমিক শাখাৰ সভাপতি ৰাজেন্দ্ৰ পাটোৱাৰীয়ে। ইয়াৰ পিছতেই নাম প্ৰসংগ,সন্ধিয়া ভাগত বন্তিপ্ৰজ্বালনৰ সমান্তৰালকৈ দ্বিতীয়টো দিনা পুৱাভাগত প্ৰাতঃপ্ৰসংগ,নাম প্ৰসংগ,ভাগৱত পাঠৰ পিছত দুপৰীয়াভাগত মাধৱ জ্যেতি প্ৰাথমিক শাখাৰ সভাপতি ৰাজেন্দ্ৰ পাটোৱাৰীৰ পৌৰহিত্যত মুকলি সভা অনুষ্ঠিত হয়।

দুদিনীয়া কাৰ্যসূচীৰে গুৰুজনাৰ আৰ্বিভাৱ তিথিৰ সময়ছোৱাত সমগ্ৰ দমদমা, মনাহকুছি ,বাহানা অঞ্চল গুৰু বন্দনাৰে মুখৰিত হৈ পৰে। অনুষ্ঠান ভাগিত ভিন্ন প্ৰান্তৰ আই মাতৃ বাপ বান্ধৱ ভক্তপ্ৰাণ ৰাইজৰ পদধূলিৰে এক ভক্তিৰসৰ নৈমিষ ক্ষেত্ৰলৈ ৰূপান্তৰিত হোৱা পৰিলক্ষিত হৈছে।

Leave A Reply