Breaking

বাক্সাৰ তিনিটা সমষ্টিত ৫,৩৬,৯৯৫ গৰাকী ভোটাৰে কৰিব ভোটদান : স্থাপন হ’ব ২৫ টা মহিলা ভোট কেন্দ্ৰ

0 126

বিধানসভা নিৰ্বাচনৰ বাবে নির্বাচনী অধিসূচনা জাৰি কৰাৰ পিছতে শান্তিপূর্ণভাৱে নির্বাচন অনুষ্ঠিত কৰিবলৈ তৎপৰ হৈ পৰিছে বাক্সা জিলা প্রশাসন ৷ ইতিমধ্যে নিৰ্বাচনৰ কামত জড়িত চেলসমূহৰ লগতে ফ্লাইং স্কোৱাডসমূহ সক্ৰিয় হৈ উঠিছে নিৰ্বাচনী কামৰ বাবে ৷ বাক্সা জিলাৰ তিনিটা বিধানসভা সমষ্টিত তৃতীয় পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনক লৈ আজি বাক্সা জিলা উপায়ুক্তৰ সভাকক্ষত অনুষ্ঠিত হয় এক সংবাদমেল ৷

সংবাদমেলত জিলা উপায়ুক্ত তথা ৰিটাৰ্ণি বিষয়া ৰঞ্জন শৰ্মাই নির্বাচনী আয়ােগে প্রণয়ণ কৰা নির্বাচন সংক্রান্তীয় নীতি-নির্দেশনাসমূহ, পােষ্টেল বেলট প্ৰক্ৰিয়া তথা ভােটদানৰ ক্ষেত্ৰত নির্বাচনী আয়ােগে নিৰ্ধাৰণ কৰা ক’ভিড-১৯ৰ নির্দেশাৱলীসমূহ বিষদভাবে ব্যাখ্যা কৰে ৷ বাক্সা জিলাৰ অন্তৰ্গত তিনিটা বিধানসভা সমষ্টি ক্ৰমে ৫৮ নং তামুলপুৰ, ৬২ নং বৰমা আৰু ৬৩ নং চাপাগুৰি বিধানসভা সমষ্টিত ৫,৩৬,৯৯৫ গৰাকী ভোটাৰে ভোটদান কৰিব ৷

জিলা উপায়ুক্ত ৰঞ্জন শৰ্মাই জানিবলৈ দিয়া মতে তামুলপুৰত ২,১০,৩৭৯ গৰাকী, বৰমাত ১,৬৫,৮৪৮ গৰাকী আৰু চাপাগুৰিত ১,৫৭,৩৬৮ গৰাকী ভোটাৰে ৭৮৮ টা ভোটকেন্দ্ৰত ভোটদান কৰিব ৷ ইয়াৰ বাবে বিধানসভা সমষ্টি তিনিটা ১৯ টা জ’ন আৰু ৭৬ টা চেক্টৰত বিভক্ত কৰা হৈছে বুলি জানিব দি উপায়ুক্ত ৰঞ্জন শৰ্মাই ৩৭৮২ গৰাকী পোলিং বিষয়া নিয়োগ কৰিব বুলি কয় ৷ তেওঁ কয় যে সমষ্টি তিনিটাত ২৫ টা মহিলা ভোট কেন্দ্ৰ স্থাপন কৰাৰ বিপৰীতে দুটাকৈ আদৰ্শ ভোটকেন্দ্ৰ স্থাপন কৰিব ৷ উল্লেখ্য যে এইবাৰ জিলাখনৰ তিনিটা সমষ্টিত মুঠ ৯২৭৪ গৰাকী নতুন ভোটাৰ বৃদ্ধি পাইছে ৷

আনহাতে ক’ভিড-১৯ৰ প্ৰতি লক্ষ্য ৰাখি মাস্ক, সামাজিক দূৰত্ব মানি চলাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিব বুলি উপায়ুক্ত গৰাকীয়ে সংবাদমেলত প্ৰকাশ কৰে ৷ সম্পূৰ্ণ ক’ভিড প্ৰট’কল মানি ভোট গ্ৰহণৰ ব্যৱস্থা কৰা হ’ব ৷ প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত স্কেনিং মেচিনৰ সহায়ত ভোটাৰৰ উষ্ণতা পৰীক্ষা কৰা হ’ব। উষ্ণতা বেছি থাকিলে তেওঁলোকক আছুতীয়া কক্ষত ৰখা হ’ব আৰু ভোট গ্ৰহণৰ শেষৰ সময়ত তেওঁলোকৰ ভোট গ্ৰহণ কৰা হ’ব ৷ নিৰ্বাচনী বিষয়াসকলক হেণ্ড গ্লোভচ্ ,চেনিটাইজাৰ আদি যোগান ধৰা হ’ব ৷

আনহাতে ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়ে এইবাৰ নিৰ্বাচনত সৰ্বমুঠ ৩০ লাখ ৮০ হাজাৰ টকা খৰচ কৰিব পাৰিব লগতে ক’ভিড-১৯ৰ নীতি-নিয়ম সমূহ মানি চলাৰ লগতে ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়ে মনোনয়ন দিয়াৰ সময়ত মাত্ৰ দুজন লোকক লগত লৈহে প্ৰৱেশ কৰিব পাৰিব বুলি জানিব দিয়ে। প্ৰতিটো ৰাজনৈতিক দলকে শান্তিপূর্ণভাবে নির্বাচন অনুষ্ঠিত কৰাত আৰক্ষী প্রশাসনক সহযােগিতা আগবঢ়াবলৈ উপায়ুক্ত গৰাকীয়ে আহ্বান জনায়।

তদুপৰি এইবেলি ভোটগ্ৰহণৰ ক্ষেত্ৰত দিব্যাংগ ভোটাৰসকলৰ বাবে লোৱা হৈছে বিশেষ ব্যৱস্থা ৷ প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰৰ অধীনত থকা দিব্যাংগ ভোটাৰসকলৰ তথ্য আগতীয়াকৈ সংগ্ৰহ কৰিব প্ৰশাসনে ৷ দিব্যাংগ ভোটাৰসকলে ইচ্ছা কৰিলে ডাক বেলটৰ যোগেও ভোটদান কৰিব পাৰিব ৷ নিৰ্বাচনী আয়োগৰ নিৰ্দেশনা অনুসৰি প্ৰতিজন দিব্যাংগ ভোটাৰ আৰু ৮০ বছৰ বয়সৰ উৰ্ধৰ ভোটাৰৰ ক্ষেত্ৰত লোৱা হ’ব এই ব্যৱস্থা ৷ ভোটাৰৰ ওজৰ আপত্তি আৰু সহায়ৰ বাবে জিলা প্ৰশাসনে মুকলি কৰিছে ১৯৫০ টোলফ্ৰী নম্বৰ ৷

আজিৰ এই নিৰ্বাচনী সংবাদমেলত উপায়ুক্তগৰাকীৰ লগতে জিলা নিৰ্বাচনী বিষয়া মানৱেন্দ্ৰ ভৰালী, অতিৰিক্ত উপায়ুক্তদ্বয় অৰুণ কুমাৰ ব্ৰহ্ম আৰু সঞ্জীৱ শৰ্মাও উপস্থিত থাকে ৷ উল্লেখ্য যে অহা ৬ এপ্ৰিলত তৃতীয় পৰ্যায়ত অনুষ্ঠিত হব বাক্সা জিলাৰ ৩ টা বিধানসভা সমষ্টিৰ ভোটগ্ৰহণ 

Leave A Reply