Breaking

মাৰ্ঘেৰিটা মহকুমা নামঘৰ সমূহৰ সৌজন্যত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ তম জন্মোৎসৱ উদযাপন।

0 2,063

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত ১ নং কেনিয়া গাওঁ নামঘৰ আজি হৰি নামৰ ধ্বনিৰে মুখৰিত। মাৰ্ঘেৰিটা মহকুমাৰ নামঘৰ সমূহৰ সৌজন্যত ষষ্ঠ বিংশতিতম বাৰ্ষিক জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ তম জন্মোৎসৱ ভাগি দুদিনীয়া কাৰ্য্যসূচীৰে উদযাপন কৰা হয়। উদয়পুৰৰ ১ নং কেনিয়াগাঁৱত মাৰ্ঘেৰিটা মহকুমাৰ বিভিন্ন নামঘৰৰ অগণন ভক্তৰ উপস্থিতিত সকলো কাৰ্য্যসূচী সুচাৰুভাৱে অনুষ্ঠিত কৰিবলৈ সক্ষম হয় অভ্যৰ্থনা সমিতিয়ে। ১৫ আৰু ১৬ অক্টোবৰত গ্ৰহণ কৰা দুদিনীয়া কাৰ্য্যসূচীৰ দুয়োটা দিনতেই সকলো ভকত বৈষ্ণৱৰ উপস্থিতিত একপ্ৰকাৰ অঞ্চলটোৰ সমগ্র আকাশ বতাহ কঁপাই তোলে হৰি নামৰ ধ্বনিয়ে।প্ৰথম দিনৰ কাৰ্য্যসূচী অনুসৰি মাৰ্ঘেৰিটা মহকুমাৰ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উদযাপন সমিতিৰ অন্তৰ্গত সকলো নামঘৰতে নিজাববীয়া কাৰ্য্যসূচী পালন কৰাৰ লগতে সন্ধিয়া প্ৰতি গৃহ ও নামঘৰ চৌহদত বন্তি প্ৰজ্বলন কৰা হয়। দ্বিতীয় দিনৰ কাৰ্য্যসূচী অনুসৰি পুৱা ৫:০০ বজাৰ পৰা ক্ৰমে উষা কীৰ্ত্তন, পোৱাৰ প্ৰসঙ্গ, ধৰ্ম ধ্বজা উত্তোলন, স্মৃতি তৰ্পণ,ভাগৱত ভ্ৰমণ, বৃক্ষ ৰোপন, মূল নাম প্ৰসঙ্গৰ লগতে শৰাই অৰ্চনী,নাম লগোৱা, কথাগুৰু চৰিত পাঠ, প্ৰসাদ বিতৰণ আৰু আহাৰ গ্ৰহণ কৰা হয়।বিয়লি ৩:০০বজাত অনুষ্ঠিত মুকলি সভাত উপস্থিত থাকে বিধায়ক ভাস্কৰ শৰ্মা।সন্ধিয়া ৫:০০ বজাৰ পৰা সামূহিক বন্তি প্ৰজ্বলন, ধৰ্মধ্বজা সম্বৰণ আৰু স্থানীয় শিল্পী সকলৰ দ্বাৰা ধৰ্মীয় সাংস্কৃতিক কলা কৃষ্টি প্ৰদৰ্শন কৰা হব বুলি অভ্যৰ্থনা সমিতিৰ বিষয় ববীয়াই জানিবলৈ দিয়ে।

Leave A Reply