Breaking

তামুলপুৰৰ অময়াপুৰত মহাপুৰুষ গুৰুজনাৰ ৫৭৪ সংখ্যক আবিৰ্ভাব মহোৎসৱ

0 575

তামুলপুৰৰ অময়াপুৰত মহাপুৰুষ গুৰুজনাৰ ৫৭৪ সংখ্যক আবিৰ্ভাব মহোৎসৱ।আবিৰ্ভাৱ মহোৎসৱত ভাগৱত শোভাযাত্ৰা ।আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক আবিৰ্ভাব মহোৎসৱ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে তামুলপুৰ জিলাৰ অময়াপুৰত দুদিনীয়া কাৰ্যসূচীৰে মহাপুৰুষ গুৰুজনাৰ আবিৰ্ভাব মহোৎসৱ পালন কৰা হয়। হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে তামুলপুৰ অময়াপুৰৰ আকাশ-বতাহ।

পুৱাৰ ভাগত নাম প্ৰসংগ প্ৰসংগ, পতকা উত্তোলনৰ পিছত ভাগৱত শোভাযাত্ৰা উলিওৱাৰ হয়। ভাগৱত শোভাযাত্ৰাত অময়াপুৰৰ যুৱক যুৱতী, পুৰুষ মহিলাই ভাগৱত শোভাযাত্ৰাত অংশ গ্ৰহণ কৰে। ইপিনে তামুলপুৰ জিলাৰ বিভিন্ন প্ৰান্তৰ সত্ৰ, নামঘতো মহাপুৰুষ গুৰুজনাৰ ৫৭৪ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ পালন কৰা হয়।

তামুলপুৰৰ পৰা প্ৰসাদ দাসৰ প্ৰতিবেদন

Leave A Reply