Breaking

গোলাঘাট দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ আঞ্চলিক ক্ৰীড়া আৰু সাংস্কৃতিক সংস্থাৰ উদ্যোগত জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক গুৰু জয়ন্তী উদযাপন

0 601

গোলাঘাট দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ আঞ্চলিক ক্ৰীড়া আৰু সাংস্কৃতিক সংস্থাৰ উদ্যোগত জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক গুৰু জয়ন্তী উদযাপনৰ লাইখুটা স্থাপন কৰা হয়। অহা ৮ আৰু ৯ অক্টোবৰত (21আৰু22 আহিন) দুদিনীয়াকৈ অনুষ্ঠিত হ’ব লগা গুৰুজয়ন্তী ভাগৰ লগত সংগতি ৰাখি ৮ অক্টোবৰত সদৌ অসম ভিত্তিত দিহা নাম, বৰগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে। ৯ অক্টোবৰৰ ৰাতিলৈ এখন মহাপুৰীয়া নাট আয়োজন কৰিছে উদযাপন সমিতিয়ে।

জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিষেশে উদযাপন হ’ব জগত গুৰুজনাৰ জন্ম জয়ন্তী। উদযাপন সমিতিয়ে সকলো অসমবাসী ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগ কামনা কৰিছে উদযাপন সমিতিয়ে।

ৰঙামাটিৰ পৰা দিব্য জ্যোতি কাকতিৰ প্ৰতিবেদন

Leave A Reply