Breaking

তামুলপুৰ আঞ্চলিক গ্ৰামদান সংঘৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

0 2,062

তামুলপুৰ মহকুমা সদৰৰ নিকটৱৰ্তী কুমাৰীকাটাত অৱস্থিত তামুলপুৰ আঞ্চলিক গ্ৰামদান সংঘৰ প্ৰধান কাৰ্যালয়ৰ সভা গৃহত আজি সংঘৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱস অনুষ্ঠুপীয়া কৈ উদযাপন কৰা হয়। ৰাতিপুৱা ১০ বজাত সংঘৰ সভাপতি যতীন সৰকাৰৰ সভাপতিত্ব অনুষ্ঠিত সভাখনত তামুলপুৰ বিধান সভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক জলেন দৈমাৰীয়ে স্বৰ্গীয় অমল প্ৰভা দাসৰ প্ৰতিচ্ছবিৰ সম্মূখত বন্তি প্ৰজ্বলন কৰে। বন্তি প্ৰজ্বলন কৰি দৈমাৰীয়ে কয়- তামুলপুৰ আঞ্চলিক গ্ৰামদান সংঘৰ প্ৰতিষ্ঠাপক ৰবীন্দ্ৰনাথ উপাধ্যায় অৰ্থাৎ ৰবীন্দ্ৰ ভায়ে চীনা আক্ৰমণৰ পিছৰে পৰা উত্তৰ পূৰ্বাঞ্চলত মৃত্যুৰ সময়লৈ সদায় শান্তিৰ বাবে কাম কৰিছিল। ১৯৬২ চনত কুমাৰীকাটাত তামুলপুৰ আঞ্চলিক গ্ৰামদান সংঘ প্ৰতিষ্ঠা  কৰি খাদী আৰু গ্ৰমোদ্যোগৰ বিকাশ কৰাৰ লগতে গ্ৰামাঞ্চলত ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰি সৰ্বসাধাৰণ ৰাইজৰ উন্নয়নৰ বাবে কাম কৰিছিল।খাদী আৰু গ্ৰমোদ্যোগ আয়োগৰ সহযোগত গ্ৰামদান সংঘ নামৰ অনুষ্ঠানটোৰ তত্বাৱধানত চলি থকা খাদী গ্ৰামোদ্যোগ বিদ্যালয়ৰ জৰিয়তে উত্তৰ পূৰ্বাঞ্চলৰ যুৱক-যুৱতী সকলে বিভিন্ন শাখাত প্ৰশিক্ষণ লৈ আছে। সেই সকলক স্বনিয়োজনৰ বাবে ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰি স্বাৱলম্বী হোৱাৰ পথত আগবাঢ়ি যাবলৈ তেওঁ আহ্বান জনায়। ভাষণ প্ৰসংগত বিধায়ক গৰাকীয়ে উল্লেখ কৰে যে পৰৱৰ্তী সময়ত সংঘৰ উন্নয়নৰ বাবে চেষ্টা কৰিব। লগতে তেওঁ কেইবাগৰাকী প্ৰশিক্ষাৰ্থীৰ মাজত প্ৰমাণ পত্ৰ বিতৰণৰ শুভাৰম্ভ কৰে। 
    সভাখনত খাদী গ্ৰামোদ্যোগ বিদ্যালয়ৰ অধ্যক্ষ দুলাল সাহাই তামুলপুৰ আঞ্চলিক গ্ৰামদান সংঘৰ প্ৰতিষ্ঠা আৰু অমল প্ৰভা দাসৰ কৰ্মময় জীৱনৰ বিভিন্ন দিশৰ ওপৰত বাখ্যা কৰে। সংঘৰ সম্পাদক জলেন নাৰ্জাৰীয়ে কয়- তামুলপুৰ আঞ্চলিক গ্ৰামদান সংঘ প্ৰতিষ্ঠাৰ সময়ত কেইবাগৰাকী স্থানীয় বিশিষ্ট সমাজকৰ্মী লগত লৈ প্ৰয়াত পদ্মশ্ৰী সন্মানেৰে সন্মানিত ৰবীন্দ্ৰনাথ উপাধ্যায় যথেষ্ঠ কষ্ট স্বীকাৰ কৰিছিল। সেই সময়ত অসমৰ এগৰাকী শিক্ষাবিদ, সৰ্বোদয় নেত্ৰী অমল প্ৰভা দাসৰ অৰিহণা যথেষ্ঠ আছিল। অমল প্ৰভা দাসৰ জন্ম তাৰিখটোকে তামুলপুৰ আঞ্চলিক গ্ৰামদান সংঘৰ প্ৰতিষ্ঠা দিৱস হিচাপে উদযাপন কৰা হয়। ভাষণ প্ৰসংগত নাৰ্জাৰীয়ে অনুষ্ঠান টোৰ সৰ্বাঙ্গীন উন্নয়নৰ বাবে সকলোৰে সামুহিক সহযোগিতা কামনা কৰে। সভাখনত বছৰটোৰ শ্ৰেষ্ঠ শিপিনী সকলৰ মাজত পুৰস্কাৰ বিতৰণ কৰা হয়। আজি অনুষ্ঠিত সভাখনত সংঘৰ সম্পাদক জলেন নাৰ্জাৰী,খাদী গ্ৰমোদ্যোগ বিদ্যালয়ৰ অধ্যক্ষ দুলাল সাহা,কটাহবাৰী, চন্দনপুৰ, নবিনগাঁও তৰণগাঁও, চন্দ্ৰনগৰ  গ্ৰামদানী গাঁও সভাৰ সভাপতি, সম্পাদক, সদস্য, খাদী গ্ৰামোদ্যোগ বিদ্যালয়ৰ প্ৰশিক্ষাৰ্থী সকলৰ ওপৰি কাটনী- শিপিনী সকল উপস্থিত থাকে।।

Leave A Reply