Breaking

চচল শাখা লেখিকা সমাৰোহ সমিতিৰ ৫ম দ্বি-বাৰ্ষিক অধিৱেশন…

0 51

দেওবাৰে চচল শাখা লেখিকা সমাৰোহ সমিতিৰ ৫ম দ্বি-বাৰ্ষিক অধিৱেশনখনি স্থানীয় ৰবীন্দ্ৰনাথ দাস সভাগৃহত কাৰ্যকৰী সভানেত্ৰী প্ৰণীতা শৰ্মাৰ সভানেত্ৰিত্বত সুকলমে সম্পন্ন হয়।

সভাত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সুৱৰ্ণ শইকীয়া বৰদলৈ উপস্থিত থাকি বহুমূলীয়া বক্তব্য আগবঢ়ায়। ভাষণ প্ৰসংগত তেখেতে নৱপ্ৰজন্মক বৌদ্ধিক আৰু মানসিক বিকাশৰ ক্ষেত্ৰত আগবঢ়াই নিবলৈ চচল শাখা লেখিকা সমাৰোহ সমিতিক বিশেষভাৱে গুৰুত্ব দিবলৈ আহ্বান জনায়।

সভাত সান্ত্বনা দাস বৰ্মনৰ দ্বাৰা সম্পাদিত শাখাৰ মুখপত্ৰ “সুবাস” উন্মোচন কৰি সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উপ-সভানেত্ৰী দৰ্পণা বৰা নেওগে বহুমূলীয়া ভাষণ আগবঢ়ায়।

কামৰূপ মহানগৰ লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী নন্দিতা চলিহাই বিশিষ্ট অতিথিৰ ভাষণ প্ৰদান কৰি উপস্থিত ৰাইজক মোহিত কৰে। সভাত চচল শতদল শাখা সাহিত্য সভাৰ বিষয়-ববীয়া আৰু সদস্যসকল উপস্থিত থাকে।

অনুষ্ঠানৰ আৰম্ভণিতে পতাকা উত্তোলনৰ লগতে স্মৃতি তৰ্পণ আৰু চচল ৰাজহুৱা নামঘৰৰ আয়তীসকলৰ নাম-প্ৰসংগৰে প্ৰয়াত সভানত্ৰী নীলিমা গোস্বামী শৰ্মালৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয়।

Leave A Reply