Breaking

ডবকাত আৰক্ষীৰ জালত মনিপুৰৰ শিক্ষকসহ ৬ ড্ৰাগছ পেডলাৰ….

0 70

ড্ৰাগছ ব্যৱসায়ত জড়িত মনিপুৰৰ শিক্ষক৷ ডবকাত আৰক্ষীৰ জালত মনিপুৰৰ শিক্ষকসহ ৬ ড্ৰাগছ পেডলাৰ৷ জব্দ প্ৰায় এক কোটি টকাৰ ড্ৰাগছ৷ হোজাই আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ তৎপৰতাত হোজাই, মোৰাঝাৰ আৰু লংকা আৰক্ষীয়ে হোজাইৰ বিভিন্ন প্ৰান্তত অভিযান চলাই আটক কৰে সৰবৰাহকাৰী কেইজনক৷

ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইজন হল হোজাই লংকাৰ ৱাহিদুৰ ৰহমান, মোৰাঝাৰৰ জীয়াবুৰ ৰহমান আৰু তাজ উদ্দিন, লংকা নখুটিৰ বাবুল হুছেইন, মনিপুৰৰ মহাব উদ্দিন আৰু বি এম ৱাৰিছ বুলি আৰক্ষী অধীক্ষকে জানিবলৈ দিছে৷ ইয়াৰে বি এম ৱাৰিছ মনিপুৰৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষক হয়৷ ধৃত আটাইকেইজনৰ পৰা প্ৰায় ১২০ গ্ৰাম হেৰইন উদ্ধাৰ কৰে আৰক্ষীয়ে৷

সম্প্ৰতি আটাইকেইজনকে মোৰাঝাৰত জেৰা চলাই আছে আৰক্ষীয়ে৷ জেৰাৰ অন্তত আন বহুকেইজন ড্ৰাগছ সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰিব বুলি জানিবলৈ দিছে হোজাই অতিৰিক্ত আৰক্ষী অধীক্ষক পনজিৎ দুৱৰাই৷

Leave A Reply