Breaking

বৰপেটাত ৬ জেহাদী গ্ৰেপ্তাৰ….

0 104

আল-কায়দা ইন ইণ্ডিয়ান চাব-কন্টিনেন্ট চমুকৈ AQIS ৰ ৬টা জেহাদী গ্ৰেপ্তাৰ ৷ বাংলাদেশৰ মহম্মদ সুমন ওৰফে ছাইফুল ইছলাম ওৰফে হাৰুন ৰছিদৰ সৈতে প্ৰত্যক্ষ যোগাযোগ থকা বৰপেটাৰ ৬টা কৈ অল কায়দা জেহাদী গ্ৰেপ্তাৰ ৷

বৰপেটাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাই এক সংবাদমেল যোগে জনালে ৬টাকৈ জেহাদী গ্ৰেপ্তাৰৰ সকলো তথ্য ৷ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা আল কায়দাৰে জৰিত জেহাদী কেইটা সৰুক্ষেত্ৰীৰ ক্ষুদ্ৰ ফালাদী গাৱৰ মুফটি ছুলেইমান, হাউলীৰ খন্দকাৰপাৰাৰ জাহিদুল ইছলাম, হাউলী কুমল্লীপাৰাৰ ছাদ্দাম হুছেইন, ধানবন্ধা গৰৈমাৰী পথাৰৰ ৰছিদুল ইছলাম, বৰপেটাৰোডৰ কাটাঝাৰৰ মুছাৰফ হুছেইন আৰু মকিবুল ইছলাম ৷

বৰপেটাৰোডৰ কাটাঝাৰৰ মুছাৰফ হুছেইন আৰু মকিবুল ইছলাম দুয়ো ভাই ককাই ৷ইয়াৰে মকিবুল ইছলাম PFI ৰ সৈতে জৰিত ৷বৰপেটা সদৰ থানাত ৰুজু হোৱা Case No-419/2022 U/S 120(b)/121/121A IPC R/W Sec17/18/18B/19/20 UA(P) Act ৰ অধীনত ৬টাকৈ জেহাদী গ্ৰেপ্তাৰ ৷

বাংলাদেশৰ ভূমিৰ পৰা সমগ্ৰ ভাৰত উপ-মহাদেশক খলিফা ৰাষ্ট্ৰ হিচাপে গঠনৰ ব্লুপ্ৰিন্ট অনুসৰি ২০১৯ চনৰ পৰাই বৰপেটাত বাহৰ পাতি থকা আল-কায়দা ইন ইণ্ডিয়ান চাব-কন্টিনেন্ট চমুকৈ AQIS ৰ সৈতে প্ৰত্যক্ষভাৱে জৰিত আনছাৰুল ইছলামৰ দূৰ্ধৰ্ষ জেহাদী মহম্মদ সুমন ওৰফে ছাইফুল ইছলাম ওৰফে হাৰুণ ৰচিদ নামৰ অল কায়দাৰ জেহাদীটোক যোৱা ৪ মাৰ্চত গ্ৰেপ্তাৰ কৰিছিল বৰপেটা আৰক্ষীয়ে ৷

উক্ত জেহাদীটোৰ স্বীকাৰোক্তিৰ ভিত্তিতে পুনৰ ৬ টাকৈ দূধৰ্ষ অল কায়দা জেহাদীক গ্ৰেপ্তাৰ বৰপেটা আৰক্ষীৰ ৷

Leave A Reply