সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ কামৰূপ জিলাৰ বকোতো আজি উদযাপন কৰা হয় শিক্ষক দিৱস। কিন্তু এই বেলিৰ ৬০ সংখ্যক বৰ্ষৰ শিক্ষক দিৱস এক ব্যতিক্ৰমী তথা প্ৰসংশনীয় ৰূপত পালন কৰে দক্ষিণ কামৰূপ বকোৰ বিশিষ্ট সমাজকৰ্মী তথা উদীয়মান যুৱ ব্যৱসায়ী জনাৰ্দন বড়োৱে।যুৱ সমাজ সংগঠক তথা সৰবৰাহী ব্যক্তি জনাৰ্দন বড়োৱে একক প্ৰচেষ্টাৰে আজি বৃহত্তৰ অঞ্চলটোৰ কৃতি শিক্ষক সকলোক সম্বোৰ্ধনা আৰু ছাত্ৰ ছাত্ৰী সকলোলৈ অভিধান বিতৰণ সভাৰে পালন কৰে শিক্ষক দিৱসৰ কাৰ্য্যসূচী। উল্লেখ্য যে ; দীক্ষিতা চুইটছ এণ্ড বেকাৰী আৰু দীক্ষিতা ভোজনালয়ৰ চৌহদত এক মনোজ্ঞ অনুস্থানত দীক্ষিতা বড়োৱে গুৰু বন্দনাৰে আদৰণি জনায় সমগ্ৰ অনুস্থানটোৰ। গুৰু ব্ৰহ্মা ; গুৰু বিষ্ণু ; গুৰু দেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰমব্ৰহ্মা তশ্মৈশ্ৰী গুৰুৱে নম : শীৰ্ষক বাণীৰে আয়োজন কৰা শিক্ষক দিৱসত সম্বোৰ্ধনা আৰু অভিধান বিতৰণ সভাৰ আত ধৰে উদ্যোক্তা জনাৰ্দন বড়োৱে। বকো সাহিত্য সভাৰ সভাপতি সুৰেণ চন্দ্ৰ কলিতাই পৌৰহিত্য কৰা অনুস্থানত অতিথি হিচাপে উপস্থিত থাকে দূধনৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড: ললিত ৰাভা ; বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড: প্ৰাণেশ্বৰ নাথ ; শিল্পী তথা অৱসৰপ্ৰাপ্ত বন বিষয়া প্ৰহ্লাদ বড়োকে ধৰি বহু কেইজন বিশিষ্ট সমাজকৰ্মী। অনুস্থানত অঞ্চলটোৰ কৃতি শিক্ষক সকলোক সম্বোৰ্ধনা জনোৱা হয় আৰু কিতাপৰ টোপোলা সহ কলমেৰে সন্মান প্ৰদান কৰে। লগতে সমাজৰ বহুকেইগৰাকী কিছু অভাৱী ছাত্ৰ ছাত্ৰীক একোখন অভিধান সহ শৈক্ষিক ক্ষেত্ৰত সুবিধাৰ বাবে বৌদ্ধিক জ্ঞানবৰ্ধক কিতাপ বিতৰণ কৰে। একেটা অনুষ্ঠানতে কেৱাগৰাকী প্ৰতিভাধৰ শিল্পীৰ মনোৰঞ্জন ধৰ্মী গীত মাত পৰিবেশন কৰা হয়। অনুস্থানত বক্তা ড: প্ৰাণেশ্বৰ নাথে দাৰ্শনিক পণ্ডিত সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জীৱনৰ ওপৰত আলোকপাত কৰে। ইফালে মানৱ সম্পদ গঢ়া কমাৰশালাৰ খনিকৰ শিক্ষক দিৱসৰ কাৰ্য্যসুচীৰ লগত সংগতি ৰাখি আয়োজন কৰা মানৱতাবাদী অনুস্থানৰ বাবে বকোবাসীয়ে জনাৰ্দন বড়োক শলাগ লৈছে।