Breaking

নগৰবেৰাৰ বদলা বজাৰত নিচাসক্ত দুৰ্বৃত্তই জ্বলালে দোকান

0 67

নগৰবেৰাৰ বদলা বজাৰত অঘটন,নিশা দুৰ্বৃত্তই জ্বলালে বিশেষ ভাবে সক্ষম এজন লোকৰ ব্যৱসায়িক প্ৰতিষ্ঠান ,নিচাসক্ত কোনোবাই জ্বলাই দিয়াৰ অনুমান ৰাইজৰ ,ৰাইজে ধৰি আৰক্ষীক গটালে নিচাসক্ত এজন যুৱকক বদলা বজাৰৰ আলতাফ আলী নামৰ লোকজনৰ দোকান খন জুঁইত জাহ যায় ,নিচাসক্ত,হিতাহিত জ্ঞানশূন্য কোনোৱে এই দুস্কাৰ্য সংঘটিত কৰাৰ অনুমান ৰাইজৰ।

আনহাতে ভুক্তভোগী ব্যৱসায়ী আলতাফ আলীৰ মতে এই কাম আবেদ আলী নামৰ নিচামগন যুৱকজনৰ ,অৱশেষত ৰাইজে এইদৰে যুৱকজনক আটক কৰি টুপামাৰী আৰক্ষীক গটাই দিয়ে।

জানিব পৰা মতে আলতাফ আলী নামৰ ব্যৱসায়ী জন এগৰাকী বিশেষভাবে সক্ষম লোক,পেটেভাতে চলিছিল দোকান খনৰ পৰা তাতো পৰিল দুৰ্বৃত্তৰ শেণচকু ,অগ্নিসংযোগ কৰি জ্বলাই দিলে দোকানখন সকলোৱে ঘটনাটোক একেমুখে ধিক্কাৰ দি প্ৰকৃত দোষীক বিচাৰি উলিয়াই উপযুক্ত শাস্তিৰ দিহা কৰিবলৈ দাবী জনাইছে আৰক্ষীক।

ইফালে নিচাসক্ত আবেদ আলীৰ চেহেৰা চাওক ,নিচাৰ ৰাগীত বোকাৰে লুটুৰি-পুতুৰি দেহ,অৱিনস্ত চুলি ,খোজ-কাটলৰো নাই থানথিত ,চেহেৰা দেখি বহুতৰে ধাৰণা হয়-বোধহয় এইজনেই হয় অগ্নিকাণ্ডৰ মহানায়ক !

প্ৰশ্ন হয় আৰক্ষীৰ তদন্তত ওলাবনে এই দুস্কাৰ্যৰ নায়ক ?

নগৰবেৰাৰ পৰা আবুল হুছেইনৰ ৰিপৰ্টঃ ডিবি নিউজ

Leave A Reply