Breaking

ঘোষণা হ’ল ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা; অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিঃ অনুৰ

0 148

৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা।

অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিঃ অনুৰ (পৰিচালকঃ মঞ্জুল বৰুৱা)।

সামাজিক বিষয়ৰ শ্ৰেষ্ঠ ছবিঃ অনুনাদ (পৰিচালকঃ ৰীমা বৰা )।

শ্রেষ্ঠ ধাৰাভাষ্যকাৰৰ বঁটাঃ কুলদা কুমাৰ ভট্টাচার্য(চিনেমা: হাতী বন্ধু)।

মিচিং ভাষাৰ শ্ৰেষ্ঠ ছবিঃবম্বা ৰাইড (পৰিচালকঃ বিশ্বজিৎ বৰা)।

শ্রেষ্ঠ নৃতাত্ত্বিক চিনেমাৰ বঁটাঃ তিৱা চিনেমা ‘ফায়াৰ অন এডজ’লৈ (পৰিচালকঃ প্ৰণৱজ্যোতি ডেকা)।

জুৰীৰ বিশেষ উল্লেখ বঁটাঃ জাহানাৰা বেগম।

 শ্রেষ্ঠ হিন্দী ছবিৰ বঁটা লাভ কৰে ‘চৰ্দাৰ উধাম’ নাম চলচ্চিত্ৰখনে।

ছবিগৃহত কেইবাটাও ৰেকৰ্ড গঢ়িবলৈ সক্ষম হোৱাৰ লগতে জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰা ‘পুষ্পা দ্যা ৰাইজ’ৰ বাবে দাক্ষিণাত্যৰ জনপ্ৰিয় অভিনেতা আল্লু অৰ্জুনে লাভ কৰিছে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা।

শ্রেষ্ঠ অভিনেত্রীৰ শিতানত বলিউডৰ দুগৰাকী অভিনেত্ৰীয়ে যুটীয়াভাৱে লাভ কৰিছে এই বঁটা।

‘গাংগুবাঈ কাঠিয়াৱাড়ি’ত কৰা অভিনয়ৰ বাবে আলিয়া ভাট আৰু ‘মিমি’ ছবিখনত কৰা অভিনয়ৰ বাবে কৃতী ছাননে লাভ কৰিছে এই বঁটা।

Leave A Reply