Breaking

ৰিণিমা বেগম হত্যাকাণ্ডঃ বৰপেটা মেডিকেল কলেজ হস্পিতালৰ চিকিৎসকসহ ৬ জনক গ্ৰেপ্তাৰ ৷১জন পলাতক

0 81

ৰিণিমা বেগম হত্যাকাণ্ডঃ বৰপেটা মেডিকেল কলেজ হস্পিটালৰ চিকিৎসকসহ ৬ জনক গ্ৰেপ্তাৰ ৷১জন পলাতক ৷
১৩ লাখ টকাত ৰিণিমা হত্যাৰ চুপাৰী ৷৮ মাহ পূৰ্বে হত্যাৰ পৰিকল্পনা ৷ৰবিয়াল আলীয়ে হত্যা কৰিছিল ৰিণিমাক ৷
হত্যাকাণ্ডৰ সৈতে জুম্মা জৰিত থকাৰ কোনো প্ৰমান পোৱা নাই আৰক্ষীয়ে ৷ হত্যাৰ অভিযোগত জুম্মাক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷

বৰপেটা আৰক্ষীৰ বৃহৎ সাফল্য ৷ বৰপেটাৰ যুৱতী অধিবক্তা ৰিণিমা বেগম হত্যাকাণ্ডৰ ৰহস্য ফাদিল ৷
হত্যাৰ ১০ দিনৰ ভিতৰতেই হত্যাকাণ্ডৰ ৰহস্য ফাদিল বৰপেটা আৰক্ষীৰ ৷

বৰপেটাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাই সংবাদমেল যোগে সদৰি কৰিলে ৰিণিমা বেগম হত্যাৰ তদম্তৰ সকলো ৰহস্য ৷

বৰপেটাৰ আৰক্ষী অধীক্ষকৰ মতে-
ভূমিক লৈ সৃষ্ট সংঘাতৰ বাবেই হত্যাৰ বলি হবলগীয়া হ’ল ৰিণিমা বেগম ৷

২০১৯ চনত ৰিণিমা বেগমৰ পৰা ৫ বিঘা মাটি ক্ৰয় কৰিচিল ডাঃ মকদম আলীয়ে ৷ তাৰবাবে আগধন হিচাপে ১ কোটি ১৩ লাখ টকা আদায় দিয়াৰ পিচত ৰিণিমা বেগমে আন লোকৰ ওচৰত মাটিখিনি বিক্ৰীৰ চেষ্টা চলায় ৷ বাৰম্বাৰ অনুৰোধৰ পিচতো মাটি চমজাই নিদিলে ডাঃ মকদম আলীক ৷

আনকি বিষয়টোক লৈ আদালতৰ কাষ চপা ডাঃ মকদম আলীৰ বিৰুদ্ধে ওলোটাৰৈ গোচৰ ৰুজু কৰিছিল ৰিণিমাই ৷
পিছে আদালতে ৰায়দান কৰাৰ পূৰ্বেই ডাঃ মকদম আলীয়ে খুলশালীয়েক মহিবুল হক ওৰফে মনিৰ সৈতে লগলাগি ৰিণিমাক হত্যাৰ ব্লুপ্ৰিন্ট ৰচনা কৰি অৱশেষত সেয়া কাৰ্যত ৰূপায়ন কৰা হয় ৷

আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা মতে, ডাঃ মকদম আলীৰ খুলশালীয়েক মহিবুল হকৰ জৰিয়তে ১৩ লাখ টকাৰ বিনিময়ত ৰিণিমা হত্যাৰ চুপাৰী লৈছিল ৰকিবুল ইছলামে ৷

প্ৰায় ৮ মাহ পূৰ্বে ৰকিবুল ইছলামে ১৩ লাখ টকাত ৰিণিমা হত্যাৰ চুপাৰী লৈ আব্বাছ আলীক হত্যাকাৰী বিচৰাৰ ভাৰ দিয়ে ৷
সেইমতে আব্বাছ আলীয়ে ৰবিয়াল আলীক হত্যাৰ দায়িত্ব দিয়ে ৷
উক্ত পৰিকল্পনা অনুসৰিয়েই ২১ মাৰ্চৰ সন্ধিয়া ৰকিবুল, আব্বাছ, ৰফিকুল ইছলাম আৰু মুস্তাফ আলীৰ সহযোগত ৰবিয়াল আলিয়ে চোকা অস্ত্ৰৰে হানি ৰিণিমা বেগমক হত্যা কৰিছিল ৷

ইতিমধ্যে ভেলেঙী নদীত ডুবাৰু নমাই হত্যাত ব্যৱহৃত চোকা অস্ত্ৰখনো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ৷ ইতিমধ্যে ৰিণিমা বেগম হত্যাৰ অভিযোগত বৰপেটা মেডিকেল কলেজ হস্পিটালৰ চিকিৎসক ডাঃ মকদম আলী, খুলশালীয়েক মহিবুল হক, ৰবিয়াল আলী, আব্বাছ আলী, ৰকিবুল ইছলাম, মুস্তাব আলীসহ মুঠ ৬ জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷

অবশ্যে হত্যাকাণ্ডটোৰ আন এজন অভিযুক্ত পাঠশালাৰ ৰফিকুল আলি এতিয়াও পলাতক হৈ আছে ৷

ইপিনে আৰক্ষী অধীক্ষক অমিতাভ সিনহাই জনোৱামতে ৰিণিমা হত্যাৰ পিচতে ৰিনিমাৰ জ্যেষ্ঠ ভগ্নীৰ অভিযোগৰ ভিত্তিত আব্দুৰ ৰহমান ওৰফে জুম্মা নামৰ এজন লোকক গ্ৰেপ্তাৰ কপিছিল আৰক্ষীয়ে ৷ সম্প্ৰতি ১০ দিনৰ আৰক্ষী জিম্মাত থকা জুম্মা হত্যাকাণ্ডটোৰ সৈতে কোনো ধৰনে জৰিত থকা নাই আৰক্ষীয়ে ৷ জুম্মাৰ নিৰ্দোষিতাৰ বিষয়ে আৰক্ষীয়ে আদালতক জনাব বুলি সদৰি কৰে আৰক্ষী অধীক্ষক অমিতাভ সিনহাই ৷

Leave A Reply