Breaking

বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ পৰা অহা জামুগুৰিহাটৰ এটা পৰিয়ালৰ ৭ জনক হোম কোৱাৰেণ্টাইনত

0 90

জামুগুৰিহাট

মাৰাত্মক ক’ৰ’ণা ভাইৰাছৰ ব্যাপক সংক্ৰমণৰ সময়তে জামুগুৰিহাটত এটা পৰিয়ালৰ ৭ জন সদস্যক স্বাস্থ্য বিভাগে হোম কোৱাৰেণ্টাইন কৰা ঘটনাই অঞ্চলটোৰ ৰাইজক শংকিত কৰা পৰিলক্ষিত হৈছে৷ জানিব পৰা মতে জামুগুৰিহাটৰ পাছিগাঁৱৰ এগৰাকী মহিলাই কৰ্কট ৰোগত আক্ৰান্ত হৈ গুৱাহাটী বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানত চিকিৎসাধীন অৱস্থাতে যোৱা ৭ মে’ৰ দিনা অকাল বিয়োগ ঘটে৷ মহিলাগৰাকীৰ চিকিৎসাৰ সময়ত লগত থকা আৰু মৃতদেহ ঘৰলৈ অনাৰ পিছত দূৰ্ভাগ্যজনকভাৱে চিকিৎসা প্ৰতিষ্ঠানটোত এগৰাকী কিশোৰী ক’ৰ’ণা আক্ৰান্ত হৈ মৃত্যু হোৱাৰ বাতৰি প্ৰচাৰ হোৱাৰ লগে লগেই ৰাজ্যজুৰি আতংকই বিৰাজ কৰে৷ গুৱাহাটী বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানৰপৰা মহিলাগৰাকীৰ মৃতদেহ ওভতাই অনাৰ পিছত জামুগুৰিহাটৰ পাঁছিগাৱৰ গাঁওবাসীৰ লগতে পৰিয়ালটোৰ মাজতো এনে আতংক আৰু শংকাই বিৰাজ কৰে৷ এনে কাৰণতে জামুগুৰিহাটৰ পৰিপূৰক স্বাস্থ্যকেন্দ্ৰৰ চিকিৎসক আৰু চিকিৎসাকৰ্মীয়ে এই ৭ জনীয়া পৰিয়ালটোক হোম কোৱাৰেণ্টাইন কৰিবলগীয়া হয়৷ অন্যহাতে গুৱাহাটীৰ কেঞ্চাৰ চিকিৎসা প্ৰতিষ্ঠানটোৰ চৌহদত ক’ৰ’ণাত আক্ৰান্তৰ মৃত্যু হোৱাৰ খবৰ বিয়পি পৰাত ৰাজ্যৰ আন আন ঠাইৰ লগতে সমগ্ৰ জামুগুৰিহাটতো শংকা আৰু আতংকই বিৰাজ কৰিছে৷ কিয়নো আন আন ঠাইৰ লগতে জামুগুৰিহাটৰ পৰাও কৰ্কট ৰোগত আক্ৰান্ত ভালেমান ৰোগী গুৱাহাটীৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটলৈ চিকিৎসাৰ বাবে যাতায়ত কৰে৷ বিগত দিনকেইটাতো এই অঞ্চলটোৰ পৰা বহুকেইগৰাকী ৰোগী চিকিৎসাৰ বাবে যাতায়াত কৰাৰ কথা প্ৰচাৰিত হৈছে৷ এই ৰোগীসকলক কঢ়িয়াই নিয়াৰ ক্ষেত্ৰত অঞ্চলটোৰ ভালেমান গাড়ীচালকো জড়িত হৈ পৰিছে৷ স্বাভাৱিকতেই এনে খবৰে অঞ্চলটোৰ জনসাধাৰণক অজান আশংকাত ভোগাইছে৷ সেয়ে মাৰাত্মক ক’ৰ’ণা ভাইৰাছ সংক্ৰমণ নহ’বৰ বাবেই তেনে ৰোগীৰ পৰিয়াল আৰু গাড়ীৰ চালকে স্বেচ্ছাই স্বাস্থ্য বিভাগৰ লগত যোগাযোগ কৰি পৰাপক্ষত চিকিৎসা বিভাগৰ পৰামৰ্শ মৰ্মে হোম কোৱাৰেণ্টাইন হোৱা প্ৰয়োজন বুলিও সচেতন মহলে সকলোলৈকে আহ্বান জনাইছে৷ এনে পৰিস্থিতিত সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ লগতে লক ডাউনৰ সকলো নিৰ্দেশ পালন কৰিবলৈও স্বাস্থ্য বিভাগ আৰু প্ৰশাসনে আহ্বান জনাইছে৷ উল্লেখ্য যে অঞ্চলটোলৈ বহিঃৰাজ্যৰ পৰাও আগমন ঘটিছে কিছুসংখ্যক লোকৰ৷ স্বাস্থ্য বিভাগৰ জ্ঞাত এনে প্ৰব্ৰজিত প্ৰায় হাজাৰোধিক লোকক হোম কোৱাৰেণ্টাইনত ৰখাৰ পিছত তেওঁলোকৰ মাজৰে বৰ্তমানেও তিনি শতাধিক লোকক স্বাস্থ্য বিভাগে হোম কোৱাৰেণ্টাইনত ৰখা বুলি প্ৰকাশ কৰিছে৷ গুৱাহাটী বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানটোৰ এনে দুৰ্ভাগ্যজনক ঘটনাৰ পাছত অঞ্চলটোত আশংকা আৰু আতংকই বিৰাজ কৰিছে আৰু এই ক্ষেত্ৰত সকলোৰে ইতিবাচক সহযোগিতা স্বাস্থ্য বিভাগ আৰু জিলা প্ৰশাসনে কামনা কৰিছে৷

Leave A Reply