Breaking

নাজিৰা সদৰত মহকুমা প্ৰশাসনৰ উদ্যোগত ৭২ত্‌ম গণৰাজ্য দিৱস পালন

0 2,094

৭২ত্‌ম গণৰাজ্য দিৱস । প্ৰচণ্ড শীতৰ মাজতো পুৱাৰে পৰা দেশ তথা ৰাজ্যৰ লগতে নাজিৰা সদৰতো শান্তিপূৰ্ণ ভাৱে পতাকা উত্তোলনৰ বাবে সকলো যাৱতীয় কাম-কাজ সমাপন হয় । উল্লেখ্য যে নাজিৰাত জিলা নিৰ্বাচনী বিষয়া তথা মহকুমাধিপতি লখিমী দত্ত মহোদয়াই গান্ধী ময়দান সমীপৰ নগৰৰ খেলপথাৰত পুৱাই পতাকা উত্তোলন কৰি দেশবাসীক উদ্দ্যেশি গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে । আনহাতে ৭২ত্‌ম গণৰাজ্য দিৱস উপলক্ষে সমষ্টিৰ প্ৰতিগৰাকী নাগৰিককে ধৰি বীৰ শ্বহীদ, সময়িক বাহিনীৰ লোক সকললৈ চৰকাৰী বিষয়াগৰাকীয়ে আন্তৰিক শুভেচ্ছা জ্ঞাপনেৰে এই বিশেষ দিনটোত আমি সকলোৱে মিলি এখন শক্তিশালী ভাৰতবৰ্ষ গঢ়াৰ সংকল্প লওঁ আহক আৰু দেশক বিশ্বগুৰুৰ আসনত অধিষ্ঠিত কৰোঁ বুলি ভাষণ ৰাখে । পেৰেড্‌ গ্ৰাউণ্ডত সমাবেত ৰাইজৰ বিপৰীতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, এন চি চিকে আদি কৰি আৰক্ষী প্ৰশাসনে ৰাজহুৱা ভাৱে প্ৰদৰ্শন কৰা কুচকাৱাজৰ মহকুমাধিপতি গৰাকীয়ে অভিবাদন গ্ৰহণ কৰে ।

Leave A Reply