Breaking

নাৰেংগী সেনা ছাউনীত ৭৫ ফুট উচ্চতাৰ ৰাষ্ট্ৰীয় পতাকা স্থাপন

0 93

ৰাষ্ট্ৰীয় পতাকাখনৰ স্বাভিমান যাতে সদায় অক্ষুণ্ণ থাকে তাৰ বাবে ভাৰতীয় সেনা বাহিনীয়ে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই প্ৰচেষ্টাৰ অংশ হিচাপে নাৰেংগী সেনা ছাউনীৰ সৈনিক পাৰ্কত সেনাৰ ৫১ চাব এৰিয়াৰ তদাৰকতাত আৰু অনা চৰকাৰী সংস্থা ‘ফ্লেগ ফাউণ্ডেছন অফ ইণ্ডিয়া’ ৰ পৃষ্ঠপোষকতাত ৭৫ ফুট উচ্চতাত স্থাপন কৰা হৈছে এখন ৰাষ্ট্ৰীয় পতাকা।

১৫ এপ্ৰিলত ৰাষ্ট্ৰীয় পতাকাখন উত্তোলন কৰে ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ জেনেৰেল অফিচৰ কমাণ্ডিং – ইন – চিফ লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই।

জেনেৰেল ৰাণা প্ৰতাপ কলিতাই উপস্থিত ৩০০ৰো অধিক বিষয়া – জোৱান আৰু তেওঁলোকৰ পৰিয়ালৰ লোক, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ কেডেট আৰু অসামৰিক লোকৰ অভিবাদন গ্ৰহণ কৰি ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে।

অনুষ্ঠানত ভাৰতীয় সেনাৰ শ্বিলংস্থিত ১০১ এৰিয়াৰ ভাৰপ্ৰাপ্ত জি অ চি মেজৰ জেনেৰেল ৰাজেশ কুমাৰ ঝা, ফ্লেগ ফাউণ্ডেছন অফ ইণ্ডিয়াৰ মূখ্য কাৰ্যবাহী বিষয়া মেজৰ জেনেৰেল (অৱসৰপ্ৰাপ্ত) অসীম কোহলি, সভাপতি নবীন জিন্দালকে ধৰি কেবাজনো কৰ্মকৰ্তা উপস্থিত থাকে।

Leave A Reply