Breaking

ভাৰতত ২৪ ঘন্টাত নতুনকৈ ৭৫২ জন ক’ৰোনাত আক্ৰান্ত, ৪ জনৰ মৃত্যু: স্বাস্থ্য মন্ত্ৰালয়

0 50

কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ভাৰতত এদিনতে ৭৫২ জনলৈ ক’ৰোনা সংক্রমণ বৃদ্ধি পাইছে, যিটো ২০২৩ চনৰ ২১ মে’ৰ পাছত সৰ্বাধিক, আনহাতে সক্ৰিয় ৰোগীৰ সংখ্যা ৩,৪২০লৈ বৃদ্ধি পাইছে৷


পুৱা ৮ বজাত আপডেট কৰা তথ্য অনুসৰি ২৪ ঘণ্টাৰ ভিতৰত চাৰিজনৰ নতুনকৈ মৃত্যুৰ লগে লগে মৃত্যুৰ সংখ্যা ৫,৩৩,৩৩২ জন বুলি ৰেকৰ্ড কৰা হৈছে।

দেশত Covid আক্ৰান্তৰ সংখ্যা ৪.৫০ কোটি (৪,৫০,০৭,৯৬৪)।

স্বাস্থ্য মন্ত্ৰালয়ৰ ৱেবছাইটত প্ৰকাশ পোৱা অনুসৰি এই ৰোগৰ পৰা সুস্থ হোৱা লোকৰ সংখ্যা ৪,৪৪,৭১,২১২ লৈ বৃদ্ধি পাইছে আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত আৰোগ্য লাভৰ হাৰ ৯৮.৮১ শতাংশ। মৃত্যুৰ হাৰ ১.১৯ শতাংশ।

মন্ত্ৰালয়ৰ ৱেবছাইটত উল্লেখ কৰা হৈছে যে দেশত এই পৰ্যন্ত ২২০.৬৭ কোটি ড’জ কোভিড ভেকচিন প্ৰদান কৰা হৈছে।

Leave A Reply