Breaking

সপ্তম সংখ্যক মাজুলী জিলা দিৱস, “সামাজিক সমস্যাক অগ্ৰাধিকাৰ দি কাম কৰি যাওঁক”- সাংসদ প্ৰদান বৰুৱা

0 572

জিলা ঘোষণাৰ পিছত কম দিনতে মাজুলী উন্নয়নৰ দিশত আগুৱাই গৈছে ৷ জিলা ঘোষণাৰে পিছপৰা মাজুলীক উন্নয়নৰ মুখ দেখুওৱা সেই সময়ৰ মাজুলীক প্ৰতিনিধিত্ব কৰি মুখ্যমন্ত্ৰী আসন অলংকৃত কৰা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে সেই উন্নয়নৰ গতিক আগুৱাই নিয়া বৰ্তমানৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাকো ধন্যবাদ জনাইছো ৷ মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত সপ্তম সংখ্যক মাজুলী জিলা দিৱস উপলক্ষে আজি অন্তিম দিনৰ কাৰ্যসূচীৰ মুকলি সভা আৰু সাংস্কৃতিক অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি এইদৰে কয় লক্ষীমপুৰ লোক সভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই ৷ তেওঁ জিলাখনত চৰকাৰী আঁচনিৰ কাম-কাজ ত্বৰিত গতিত সম্পন্ন হোবাৰ বাবে প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে সামাজিক সমস্যাক অগ্ৰাধিকাৰ দি কাম কৰি যাবলৈও আহবান জনায় ৷ মাজুলীৰ চিকিৎসা ব্যৱস্থা সম্পৰ্কে শোধা প্ৰশ্নৰ উত্তৰত তেওঁ এই সমস্যা সমগ্ৰ অসমৰে সমস্যা ৰূপে দেখা দিছে ৷ গতিকে বিকল্প ব্যৱস্থাৰে কিদৰে চিকিৎসকৰ সমস্যা দূৰ কৰিব পৰা যায় সেই বিষয়ে স্বাস্থ্যমন্ত্ৰীৰ লগত আলোচনা কৰি সমাধানৰ প্ৰয়াস কৰিব বুলি কয় ৷ তেওঁ মাজুলী-যোৰহাট দলংৰ কামো কমদিনতে আৰম্ভ হোৱাৰ লগতে ধুনাগুৰি দলংৰ কামৰ প্ৰাৰম্ভিক কাম-কাজ আগবঢ়া বুলি কয় ৷

তেওঁ নতুন শিক্ষা নীতি শীঘ্ৰে আৰম্ভ হ’ব বুলি কৈ এইক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰে ৷ সভাত বিধায়ক ভুবন গামে জিলা দিৱসৰ দিনটোত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে মাজুলীৰ আধৰুৱা কাম আগুৱাই নিয়া বৰ্তমানৰ মুখ্যমন্ত্ৰী গৰাকীকো ধন্যবাদ জনায় ৷ আদৰণি ভাষণত উপায়ুক্ত পুলক মহন্তই জিলাখনৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰিবলৈ সকলোকে গঠনমূলক পৰামৰ্শ দিবলৈ আহবান জনায় ৷ নিৰ্বাচন বিষয়া কেশবানন্দ টাইড আৰু সহকাৰী আয়ুক্ত সংগীতা বৰুৱাই আঁত ধৰা সভাৰ আৰম্ভণিনে ২০২১ চনত নিমাতী ঘাটৰ ভয়ংকৰ ফেৰী দূৰ্ঘটনাত মৃত্যু হোৱা ডা°বিক্ৰমজিৎ বৰুৱা, অধ্যাপিকা পৰিনীতা দাস আৰু শিক্ষক ইন্দ্ৰেশ্বৰ বৰাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে সাংসদ বৰুৱা আৰু বিধায়ক গামে ৷ তাৰ পিছতে মঞ্চত সুধাকণ্ঠ ড°ভুপেন হাজৰিকাৰ প্ৰতিচ্ছবিৰ সন্মুখতো বন্তি প্ৰজ্বলন কৰা হয় ৷ মেড়াগড় নাৰায়ণদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তুলিকা শইকীয়াৰ নেতৃত্বত এটি সমবেত বৰগীতেৰে মঞ্চ মুকলি কৰাৰ পিছতে জাতীয় সংগীতেৰে সভাৰ শুভাৰম্ভ হয় ৷ সভাত নাও দূৰ্ঘটনাত মৃত্যু হোৱা সকলৰ আত্মাৰ সদ্‌গতিৰ বাবে এক মিনিট মৌন প্ৰাৰ্থনা কৰা হয় ৷ সভাত বিশিষ্ট অতিথি হিচাপে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দিতিমণি পেগু, দেউৰী স্বায়ত্ত্ব-শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাধৱ দেউৰী, জিলা পৰিষদৰ সভানেত্ৰী পাপু হাজৰিকা দত্ত, জিলা বিজেপি সভাপতি বীৰেন শইকীয়া, গণশক্তি দলৰ প্ৰেম দলে, অতিৰিক্ত উপায়ুক্তদ্বয় বিপুল কুমাৰ দাস, কাৰ্তিক কলিতা প্ৰমুখ্যে সকলো বিভাগৰ বিষয়া, কৰ্মচাৰী আৰু বহু সংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷ সভাত বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ ছাত্ৰছাত্ৰীৰ এটি সমবেত সংগীত আৰু তুলিকা শইকীয়া, বৰষা দত্তৰ ভূপেন্দ্ৰ সংগীতে সকলোকে আপ্লুত কৰে ৷ জিলা দিৱস উপলক্ষে বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰছাত্ৰীয়ে উলিওৱা শোভাযাত্ৰা সদৰ গড়মূৰ অঞ্চল পৰিভ্ৰমণ কৰে ৷

সভাত যুটীয়া স্বাস্থ্য সঞ্জালক ডা°শশীধৰ ফুকন, জি এনএম মিনা থাপা, এএনএম অঞ্জনা হাজৰিকা, এম্বুলেন্স চালক কুলামন নৰহ, আশা- জ্যোতি বৰা খাউণ্ড, চুপাৰভাইজাৰ পলী ভৰালী আৰু আৰতী ডেকা, এ ডব্লিউ ক্ৰমে জিতুমণি মিলি, ৰিপিকা মিলি, দিপামণি নাথ, কুকি বৰা, কৃষি বিভাগৰ জিলা বিষয়া ইৰচাদ আলি, ৰাণী আমচি কচাৰী, হৰিপ্ৰকাশ লাগাচু, অনুপম দত্ত, প্ৰগতিশীল কৃষক ধীৰেন খনিকৰ, মীনপালক ৰাম মিলি, হস্ততাঁত- প্ৰিয়ংকা পাঠক, মুগাপালক- অনুপম গগৈ, ছাগলী পালক-পল্লবী বৰা,কল্যাণী আত্মসহায়ক গোট, কুঁহিয়াৰবাৰী আত্মসহায়ক গোট, গাওঁৰক্ষী বাহিনী গুনিন ভূঞা, দ্বীপেন হাজৰিকা, কেশৱ ৰাজখোৱা, নৱজিৎ হাজৰিকা, গাওঁ প্ৰধান-অৰুণ দাস, অঞ্জন জ্যোতি হাজৰিকা, মুনিন্দ্ৰ শইকীয়া, প্ৰণৱ পায়েং, কৃষ্ণ চৌধুৰীক জিলা প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱাৰ লগতে দীপশিখা ফাউণ্ডেচনৰ সঞ্জলিকা মন ময়ুৰী বৰুৱাক সম্বৰ্ধনা জনায় ৷ অনুষ্ঠানত সাংসদ গৰাকীয়ে “আমাৰ মাজুলী বেগ” উন্মোচন কৰে ৷ সভাৰ শেষত নটৰাজ নাট্য গোষ্ঠী, কমলাবাৰীৰ শিল্পীদলৰ ভাওনা “ৰুক্মিণী হৰণ” নাটক পৰিবেশনেৰে তিনিদিনীয়া মাজুলী জিলা দিৱসৰ কাৰ্যসূচী সামৰণি পৰে ৷ সন্ধ্যা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ লগতে সকলো চৰকাৰী-বে-চৰকাৰী কাৰ্যালয় অনুষ্ঠান-প্ৰতিষ্ঠানে বন্তি প্ৰজ্বলন কৰে ৷

Leave A Reply