Breaking

৮জন বেংক ষ্টেট বেংক কৰ্মচাৰীৰ ক’ভিড পজিটিভ

0 1,036

দেশজুৰি ক’ভিড তথা অ’মিক্ৰনৰ সংক্ৰমণ পুনৰ বৃদ্ধি৷ তাৰ মাজতে অসমতো ধৰা পৰি আছে ক’ভিড সংক্ৰমণ৷ আজি ধুবুৰী ষ্টেট বেংকত দেখা দিছে ক’ৰনাৰ আতংকই। বেংকৰ আঠ জনকৈ কৰ্মচাৰীৰ গাত ক’ভিড ধৰা পৰাৰ পাছতে আজি বন্ধ ঘোষণা কৰে ভাৰতীয় ষ্টেট বেংকৰ ধুবুৰী শাখাই। বুধবাৰে অসমত ১১৫ গৰাকী লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হোৱা বুলি স্বাস্থ্য বিভাগে প্ৰকাশ কৰে তথ্য৷

ইয়াৰ ভিতৰত কামৰূপ মেট্ৰ’ত ৫৩জন, যোৰহাটত ১৫, কাছাৰত ৭জন আৰু ৬ জন বৰপেটাত আক্ৰান্ত হৈছে। বুধবাৰে ২৭,৮৮৮ টা নমুনা পৰীক্ষাৰ পাছত ১১৫ গৰাকী পজিটিভ ৰোগী চিনাক্ত হয়।পজিটিভিটিৰ হাৰ ০.৪১ শতাংশ। বৰ্তমানলৈকে অসমত ৩.৭৩ কোটিৰো অধিক লোকক ভেকছিন প্ৰদান কৰা হৈছে। ইয়াৰে ১,৫৬,৬১,৫৫১ গৰাকী লোকে ক’ভিডৰ দুয়োটা প্ৰতিষেধক লাভ কৰিছে।

আনহাতে, আজিৰ দিনটোত দেশত অ’মিক্ৰনত আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছেগৈ ৯৬১ গৰাকী। বিগত ২৪ ঘণ্টাত দেশত ১৩,১৫৪ গৰাকী লোক ক’ভিডত আক্ৰান্ত হোৱাৰ লগতে মৃত্যু ঘটিছে ২৬৮ গৰাকী লোকৰ। চৰকাৰী তথ্য অনুসৰি, দেশত অ’মিক্ৰন আক্ৰান্তৰ সংখ্যা ৯৬১ লৈ বৃদ্ধি হৈছে। ইপিনে সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা হৈছেগৈ ৮২,৪০২ গৰাকী।

ভাৰতত এতিয়ালৈকে ক’ভিডৰ পৰা আৰোগ্য হোৱা মুঠ লোকৰ সংখ্যা হৈছে ৩,৪২,৫৮,৭৭৮ গৰাকী।যোৱা ২৪ ঘণ্টাত ৭,৪৮৬ গৰাকী লোক ক’ভিডৰ পৰা আৰোগ্য হৈছে। সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা হৈছে ৮২,৪০২ গৰাকী।

Leave A Reply