Breaking

গুৱাহাটী লোকসভা সমষ্টিত প্ৰতিদ্বন্দিতা আগবঢ়াব ৮ গৰাকী প্ৰাৰ্থীয়ে

0 11

আগন্তুক লোকসভা নিৰ্বাচনত ৫ নং গুৱাহাটী লোকসভা সমষ্টিত মুঠ ৮ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াব । সৰ্বমুঠ ১০ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিল যদিও ২ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বাতিল হয় । ফলস্বৰূপে ৮ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ ঘোষণা কৰে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াই।

মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিনলৈকে কোনো প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ নকৰাত ৮ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়োৱাটো নিশ্চিত হৈ পৰিল। প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকল হৈছে ভাৰতীয় জনতা পাৰ্টিৰ বিজুলী কলিতা মেধি, ইণ্ডিয়ান নেচনেল কংগ্ৰেছৰ মীৰা বৰঠাকুৰ গোস্বামী, ভাৰতীয় গণ পৰিষদৰ সামাদ চৌধুৰী, বহুজন মহাপাৰ্টিৰ চেজন গয়াৰী, একম সনাতন ভাৰত দলৰ অমিতাভ শৰ্মা, ভোটাৰ্চ পাৰ্টী ইন্টাৰনেচনেল দলৰ দিপক কুমাৰ বড়ো , নিৰ্দলীয় প্ৰাৰ্থী কাজি নেকিব আহমেদ আৰু কৰ্ণেল গোকুল চন্দ্ৰ সিংহ। অহা ৭ মে’ৰ পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ।

Leave A Reply