Breaking

পশ্চিম নলবাৰীৰ বৰ্ষীয়ান শিক্ষাবিদ ৰজনী ভূঞাৰ ৮১সংখ্যক ৰাজহুৱা জন্মদিন উদযাপন

0 2,028

পশ্চিম নলবাৰী অঞ্চলৰ চামতাৰ  ঐতিহ্যমণ্ডিত চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক, সমাজকৰ্মী ৰজনী ভূঞাৰ কালি  ৰাজহুৱাভাৱে ৮১ সংখ্যক ওপজা দিন উদযাপন কৰা হয় ৷ চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গণিত বিষয়ৰ বিদগ্ধ পণ্ডিত ৰজনী ভূঞাই ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানখনত ১৯৬৪ চনত যোগদান কৰি ২০০০ চনৰ ৩১ আগষ্টত অৱসৰ গ্ৰহণ কৰে ৷ কটন কলেজৰ স্নাতক শিক্ষাব্ৰতী ভূঞাই  ইয়াৰ পূৰ্বে ককয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়তো ৪ মাহ শিক্ষকতা কৰিছিল ৷ বিশিষ্ট শিক্ষাব্ৰতী ভূঞাই অভিযন্তাৰ পাঠ্যক্ৰমতো নামভৰ্তি কৰিছিল যদিও পিছত তেওঁ গণিত বিষয়ৰ শিক্ষক হোৱাৰ উদ্দেশ্যে তাৰ পৰা আতৰি আহিছিল ৷ আজি চামতাৰ  ৰূপীয়াবাথান গাঁৱৰ কায়স্থ চুবুৰীৰ ভূঞাৰ বাসগৃহৰ সমীপৰ গোপাল মন্দিৰ প্ৰাঙ্গণত স্থানীয় ৰাইজে তেওঁৰ ৮১ সংখ্যক ওপজা দিন ৰাজহুৱাকৈ উদযাপন কৰি তাৰ এটি উপ-পথ শিক্ষাব্ৰতী, সমাজকৰ্মীৰ নামত উৎসৰ্গিত কৰি পথটো ৰজনী ভূঞা পথ নামেৰে নামাকৰণ কৰে ৷ এই উপলক্ষে  চামতাৰ বিষ্ণুজ্যোতি একাডেমীৰ সমন্বয়ক অনন্ত বৰ্মনৰ পৌৰহিত্যত আৰু সুভাষ কাকতীয়ে আঁত ধৰা সভাত   কামৰূপ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ, সমাজকৰ্মী ৰাজেন বৰুৱা, পকোৱা হাইস্কুলৰ অবসৰপ্ৰাপ্ত শিক্ষক বীৰেশ মল্ল বৰুৱা, কুমুদ মল্ল বৰুৱা, ২৫ নং ৰূপীয়াবাথান গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰানু বৰ্মন, পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া বেদান্ত বৰুৱা, প্ৰাক্তন ছাত্ৰ ৰাজেন বৈশ্যই শিক্ষাব্ৰতী, সমাজকৰ্মী ভূঞাৰ জীৱন-কৃতিৰ ওপৰত ভাষণ প্ৰদান কৰে ৷ অনুষ্ঠানত ৰজনী ভূঞা পথৰ নাম ফলক উন্মোচন কৰে শিক্ষাব্ৰতী, সমাজকৰ্মী ৰাজেন বৰুৱাই ৷ ৰজনী ভূঞা পথৰ ফিটা কাটি উন্মোচন কৰে স্থানীয় পঞ্চায়ত সভানেত্ৰী ৰানু বৰ্মনে ৷ অনুস্থানত পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিনিধি, নলবাৰী জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়া চন্দন বেজবৰুৱা, গাঁও প্ৰধান অতুল ভূঞা, চামতা বিবেকানন্দ বিদ্যা নিকেতনৰ শিক্ষকবৃন্দ, বিশিষ্ট শিল্পী উমেশ দত্ত, পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ প্ৰতিনিধিকে ধৰি বহুসংখ্যাক গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷ সন্ধিয়া ভূঞা বাসগৃহত সংগীতৰ অনুষ্ঠানো অনুষ্ঠিত কৰে ৷

Leave A Reply