Breaking

কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াৰ ৮৭ তম জন্ম জয়ন্তী পালন

0 716

অসম তথা ভাৰতবৰ্ষৰ বি:সক্ষম ৰাজনীতি ক্ষেত্ৰৰ পুৰুধা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াৰ ৮৭ তম জন্ম জয়ন্তী আজি নাজিৰা পৌৰ আৰু গ্ৰাম্য ব্লক কংগ্ৰছ কমিটীৰ উদ্যোগত সফলতাৰে উদযাপন কৰে । পুৱা নাজিৰা নগৰৰ মাজমজিয়াস্থ প্ৰয়াত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াৰ সমাধিক্ষেত্ৰ ( সংগতি ক্ষেত্ৰ )ত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক লক্ষ্মীনাথ সন্দিকৈ , সম্পাদক অজয় গগৈ , ব্লক কংগ্ৰেছ কমিটীৰ সভাপতি সভাৰাম গগৈ , প্ৰয়াত শইকীয়াৰ সুযোগ্য সন্তান বিধায়ক তথা অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া , জ্যেষ্ঠ পুবোৱাৰী বন্দনা শইকীয়াই একোগছীকৈ বন্তী প্ৰজ্বলনেৰে পাতনি মেলা অনুষ্ঠানত অজয় গগৈ আৰু লক্ষ্মীনাথ সন্দিকৈয়ে প্ৰয়াত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াৰ জীৱন দৰ্শনৰ ওপৰত আলোকপাত কৰে । জ্যেষ্ঠ কংগ্ৰেছ কৰ্মী ফণীধৰ গগৈয়ে কীৰ্তন – ঘোষা পাঠ কৰে ।

ব্লক কংগ্ৰেছ কমিটীৰ সম্পাদক অৰ্পূৱ বৰুৱাই আত ধৰা অনুষ্ঠানত সাধাৰণ সম্পাদক যিচয়া কন্যাক , ৰমেণ বৰুৱা , সুৰেশ নাগ , দিলীপ হাজৰিকা , অজয় গগৈ আদিকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াৰ প্ৰতি স্মৃতিচাৰণ কৰে । পিছত শিমনুগুৰিস্থ প্ৰয়াত শইকীয়াৰ প্ৰতিমূৰ্ত্তীত মাল্যাপণ , ৰোহিতেশ্বৰ শইকীয়া সোৱৰণী নাট্য মন্দিৰত বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয়।


নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ প্ৰতিবেদন

Leave A Reply