Breaking

বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ চেঙাজান আঞ্চলিক সমিতিৰ অষ্টম দ্বি-বাৰ্ষিক অধিৱেশন…

0 44

দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে চেঙাজান মাজগাওঁ দৈনিক বজাৰত অনুষ্ঠিত হোৱা সদৌ অসম যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ চেঙাজান আঞ্চলিক সমিতিৰ অষ্টম দ্বি বাৰ্ষিক অধিৱেশনখনি দেওবাৰে নিশা সুকলমে সামৰণি পৰে। সন্ধিয়া ৬ বজাৰৰ পৰা অভ্যৰ্থনা সমিতিৰ সভাপতি অজিত মণ্ডলৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে বক্তব্য ৰাখি সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰেশ্যনৰ সভাপতি দীপক দে’ এ কয় বাঙালী হিন্দুৰ সমস্যা সমাধানত গুৰুত্ব নিদিয়া বিজেপি নেতৃত্বাধীন অসম চৰকাৰেই দায়ী বুলি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পুনৰ কয় অখণ্ড ভাৰতবৰ্ষৰ ভুমিপুত্ৰ হোৱাৰ পাছতো অসমত এক ষড়যন্ত্ৰমূলকভাৱে ডি ভোটাৰ, বিদেশী সমস্যাৰ সৃষ্টি কৰি বাঙালী সকলক হাৰাশাস্তি কৰা হৈছে।সমস্যা সমাধান কৰিম বুলি ভোট লৈ দিছপুৰত কংগ্ৰেছ, বিজেপিৰ যাৰেই চৰকাৰ আহে পাছত প্ৰতিখন চৰকাৰে সকলো প্ৰতিশ্ৰুতিতে সীমাবদ্ধ কৰি ৰাখে।

হিন্দু বাঙালী সকলে অসমত বিজেপি চৰকাৰ গঠন প্ৰক্ৰিয়াত গৰিষ্ঠসংখ্যক ভুমিকা আছে কিন্তু শাসনত অহাৰ লগে লগে সকলো ফুটুকাৰ ফেনলৈ পৰিণত হয়। বাঙালী জনগোষ্ঠীক অৰুনোদয়, পিএমএৱাই বা কাম কৰিবলৈ ঠিকা নেলাগে। বাঙালী জাতি আত্মনিৰ্ভৰশীল জাতি।এই জাতিয়ে কাৰো ওপৰত ভিত্তি কৰি জীয়াই থাকিব নিবিচাৰে।নিজে আত্মনিৰ্ভৰশীল হৈ জীৱন যাপন কৰি চলিব পৰা ক্ষমতা আছে।সদ্য অনুষ্ঠিত লোকসভা নিৰ্বাচনত সৰ্বাধিক বাঙালী ভোট বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক প্ৰদান কৰাত ১১ খন আসন লাভ কৰিবলৈ সক্ষম হৈছে যিটো কোনেও নুই কৰিব নোৱাৰে। বৰাক উপত্যকাৰ নিৰ্বাচনী প্ৰচাৰ সভাত অহা ছয় মাহৰ ভিতৰত বাঙালী হিন্দুৰ ডি ভোটাৰ, বিদেশী সমস্যা, আধাৰ কাৰ্ড, ভুমি পট্টাৰ সমস্যা সমাধান কৰা হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল।কিন্তু শেহতীয়াকৈ বিভিন্ন জিলাত বসবাস কৰা বাঙালী সকলৰ নামত যধে মধে ডি ভোটাৰৰ জাননী, বিদেশী জাননী প্ৰেৰণ কৰা হৈছে বুলি দীপক দে’ই অভিযোগ উত্থাপিত কৰে। তেওঁ পুনৰ কয় যে কথা দিয়া মতেই যদি অহা ছয় মাহৰ ভিতৰত বাঙালী সকলৰ জলন্ত-সমস্যা সমুহ সমাধান কৰি নিদিয়ে তেন্তে অসমৰ সকলো বাঙালী সংগঠনক একত্ৰিত কৰি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব বুলি সকীয়াই দিয়ে ফেডাৰেশ্যনৰ ৰাজ্যিক সভাপতি গৰাকীয়ে। ইফালে অতিজৰে পৰা অসমত বসবাস কৰা বাঙালী হিন্দু সকল অসমীয়া। কিন্তু ৰাজ্য চৰকাৰে বিগত দহ বছৰত দিয়া প্ৰতিশ্ৰুতি সকলো ভুৱা।

ডি ভোটাৰ, বিদেশী সমস্যাৰ নামত হাৰাশাস্তি কৰাৰ উপৰিও ভুমিপট্টা দিয়াৰ নামত প্ৰবঞ্চনা আৰু প্ৰতাৰণা বাঙালী সমাজে কেতিয়াও পাহৰি নেযায়। ২০২৬ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বাঙালী সমস্যা সমাধান নকৰিলে বৰাক-ব্ৰহ্মপুত্ৰৰ বাঙালীয়ে একগোট হৈ ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰক টালি টোপোলা বান্ধি ব্ৰহ্মপুত্ৰত বিদায় দিয়াৰ বাবে সংকল্প ল’ব বুলি সকীয়াই দিয়ে ফেডাৰেশ্যনৰ ৰাজ্যিক সাধাৰণ সম্পাদক অজিত দেৱনাথে। আহি থকা দিনত ভুৱা প্ৰতিশ্ৰুতি দি বিজেপিয়ে গাদী দখল কৰাৰ যি সপোন ভাবিছে এয়া আৰু কেতিয়াও পূৰণ নহয় বুলি তেওঁ মন্তব্য কৰে।সভাত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য মিহিনিশ্বৰ বসুমতাৰীয়ে কয় সকলো জাতিৰে বিভিন্ন সমস্যা আছে । কিন্তু এটা জাতি আগুৱাই নিবলৈ হ’লে কেৱল সংগ্ৰাম কৰিলেও নহ’ব-শিক্ষা, সংস্কৃতি, সাহিত্য চৰ্চাৰ ওপৰতো গুৰুত্ব দিব লাগিব। বাঙালী ফেডাৰেশ্যনে জন্ম লগ্নৰ পৰাই জনগোষ্ঠীৰ সমস্যাৰ ওপৰত মাত মাতি আহিছে। অসমত বিভিন্ন জনগোষ্ঠী, ভাষা-ভাষিক লোকে বসবাস কৰে। সকলোৱে সমন্বয়ৰ সাঁকো হৈ জীয়াই থাকিব লাগিব বুলি কয়। সভাত উপস্থিত থাকি ভাষণ আগবঢ়াই পুনৰ ৰবীন্দ্ৰনাথ ঠাকুৰ, আশুতোষ মুখাৰ্জী, নেতাজী সুভাষ চন্দ্ৰ বসু, অমৰ্ত্য সেনৰ বংশধৰ এই বাঙালী সকলৰ অসমত বহু অৱদান আৰু অৰিহণা আছে যিটো ইতিহাসত লিপিবদ্ধ হৈ আছে বুলি গুৰুত্বপূৰ্ণ ভাষন দাঙি ধৰি আজি বাঙালী অঞ্চল সমুহ বিজেপিয়ে এশ শতাংশ ভোট লাভৰ বিপৰীতে অন্য দলে শূন্য ভোট লাভ কৰিছে।গতিকে নিৰ্বাচিত জনপ্ৰতিনিধিসকলে চৰকাৰৰ লগত আলাপ আলোচনাৰ মাধ্যমেৰে সমস্যা সমাধান কৰাৰ পদক্ষেপ লব লাগে বুলি বক্তব্য আগবঢ়ায় মিচিং স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ সদস্য প্ৰতাপ চন্দ্ৰ টায়ে। সভাত মিছিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মলেন্দ্ৰ নাৰ্জাৰী, চিমেনমুখ পঞ্চায়তৰ প্ৰাক্তন সভাপতি কালু দাস, প্ৰাক্তন কাউন্সিলাৰ সুজিৎ হাজং, সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ উপ সভাপতি গোবিন্দ মণ্ডল, যুটীয়া সম্পাদক স্বপন দাস, মুখ্য সাংগঠনিক সম্পাদক বিপ্লৱ দাস, ধেমাজি জিলা সমিতিৰ সভাপতি ধৰ্মেন্দ্ৰ দাস,সাধাৰণ সম্পাদক ভদ্ৰ দাস, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ অৰূপ গগৈ, সন্মিলিত গণশক্তিৰ নেতা নিলমনি দলেৰ লগতে আটাছু, টিএমপিকে, এম এম কে, ভোজপুৰী পৰিষদৰ লগতে কেবাগৰাকী গন্যমান্য ব্যক্তি উপস্থিত থাকে।

অধিৱেশনৰ দেওবাৰে পুৱা ১০ বজাৰ পৰা চেঙাজান মাজৰবাৰী হাইস্কুলৰ সহকাৰী শিক্ষক ক্ষীৰেশ্বৰ বৰা, বিনয় কুমাৰ ফুকন, চেঙাজান মাজৰবাৰী এম ই স্কুলৰ প্ৰধান শিক্ষক ৰামধন নাথৰ পৰিচালনাত শিক্ষামূলক প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।বিয়লি ৩ বজাত বাঙালী, বড়ো, মিচিং আদি বিভিন্ন জনগোষ্ঠীয় কৃষ্টি প্ৰদৰ্শন কৰা হয়।বিয়লি ৫ বজাত মুকলি সভাৰ মঞ্চ উদ্ধোধন কৰে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ মুখ্য সংগঠক বিপ্লৱ দাসে। অধিৱেশনৰ প্ৰথমদিনা নিশা অনুষ্ঠিত হোৱা প্ৰতিনিধি সভাই বিধান নমঃশূদ্ৰক সভাপতি, খগেন ৰাজবংশী, হেমেন বিশ্বাসক উপ সভাপতি,মহন্ত দাসক সাধাৰণ সম্পাদক, ৰিন্টু নমঃশূদ্ৰক যুটীয়া সম্পাদক, অমিত ৰাজবংশী, পৰেশ চৌধুৰীক সহকাৰী সম্পাদক হিচাপে লৈ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ চেঙাজান আঞ্চলিক সমিতিখন গঠন কৰা হয়।

Leave A Reply