Breaking

দুলীয়াজানত দশম শ্ৰেণীৰ ছাত্ৰ চিন্ময় দত্তৰ ৯.৭ ফুট দৈৰ্ঘ্যৰ ৰেঞ্জাৰ চাইকেল উদ্ভাৱন

0 2,136

 মহামাৰী কৰ’ণা ভাইৰাইছসৃষ্ট পৰিৱেশৰ দীঘলীয়া লকলাউনৰ সময়চোৱাত নিজৰ স্বজনীশীল প্ৰতিভাক সৎ কামত খটোৱাই দুলীয়াজানৰ এগৰাকী ছাত্ৰই ৯.৭ ফুট দৈৰ্ঘ্যৰ এখন চাইকেল সাজি উলিয়াবলৈ সক্ষম হৈছে । এই বিশেষ চাইকেলখন কাষৰ পৰা এবাৰ প্ৰত্যক্ষ কৰিবলৈ ছাত্ৰগৰাকীৰ বাসগৃহত কৌতুহলী জনতাৰ ভীৰ বৃদ্ধি পাবলৈ ধৰিছে । দুলীয়াজানৰ জালনী বাগৰীবাম গাৱঁৰ দশম শ্ৰেণীৰ ছাত্ৰ চিন্ময় দত্তই এখন ৰেঞ্জাৰ চাইকেল ক্ৰয় কৰি অত্যাধুনিক এড্‌ভেঞ্চাৰ মটৰচাইকেলৰ আৰ্হিত এই বিশেষ চাইকেলখন সাজি উলিয়াবলৈ সক্ষম হৈছে । অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ গৰাকীয়ে মুঠ ১৩ হাজাৰ ৫০০ টকা ব্যয় কৰি মাত্ৰ এসপ্তাহত বিশেষ চাইকেলখন সাজি উলিয়াবলৈ সক্ষম হৈছে ।দুলীয়াজানৰ জালনী বগৰীবাম গাৱঁৰ তৰণ দত্ত আৰু বন্দিতা দত্তৰ একমাত্ৰ পুত্ৰ চিন্ময়ে বিশেষ চাইকেলখন প্ৰস্তুত কৰোঁতে প্ৰয়োজন হোৱা ধনৰাশি গোটাবলৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হ’লেও গাঁঠিৰ ধন ভাঙি পিতৃ-মাতৃয়ে পুত্ৰৰ বিজ্ঞানভিত্তিক সাধনাত সহযোগ কৰি আহিছে । মেধাৱী আৰু অমায়িক স্বভাৱৰ ছাত্ৰ গৰাকীয়ে ভৱিষ্যতে এটা বিজ্ঞানসন্মত কাৰখানা খুলি কৃষিজীৱী অঞ্চলটোৰ উন্নয়ন সাধন কৰাৰ পৰিকল্পনা পুহি ৰাখিছে ।

Leave A Reply