Breaking

কাৰখানাত তীব্ৰ বিস্ফোৰণ! থিতাতে৯ জন লোকৰ মৃত্যু, আন কেইবাজনো আহত

0 43

মহাৰাষ্ট্ৰৰ নগপুৰৰ এটা বৃহৎ অঞ্চল হঠাতে বিস্ফোৰণৰ শব্দই জোকাৰি গ’ল। বজাৰগাঁও অঞ্চলৰ ‘ছ’লাৰ ইণ্ডাষ্ট্ৰীজ ইণ্ডিয়া লিমিটেড’ত সংঘটিত হোৱা বিস্ফোৰণত কমেও ৯ জন লোকৰ মৃত্যু হয়। আন কেইবাজনো আহত হয়। ইয়াৰে কেইবাজনৰো অৱস্থা সংকটজনক। আটাইকেইজনক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। মৃতকৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

আৰক্ষীৰ জনোৱা অনুসৰি, কাৰখানাটোৱে কয়লা বিস্ফোৰণৰ বাবে বিস্ফোৰক পেকিং কৰি আছিল। তেতিয়াই এই বিস্ফোৰণ হৈছিল। কেইবাজনো লোক ঘটনাস্থলীত সিঁচৰতি হৈ আছিল। তেওঁলোকৰ ছয়জনৰ মৃত্যু হৈছে। আন কেইবাজনো লোক আহত হৈছে। জনা যায় যে এই চৰকাৰী কাৰখানাত বিভিন্ন ধৰণৰ বিস্ফোৰক তৈয়াৰ কৰা হয়। বিস্ফোৰকবোৰ মুখ্যতঃ খনি অঞ্চল বা পৰ্বতবোৰ ফাটিবলৈ ব্যৱহাৰ কৰা হয়।

আৰক্ষীৰ সূত্ৰ অনুসৰি, এনে কাৰখানাত বিস্ফোৰক পেক কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় সকলো সাৱধানতা অৱলম্বন কৰা হয়। কিন্তু দেওবাৰে পুৱা কৰা হৈছিল নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই। প্ৰতিৰক্ষা বিভাগে সমগ্ৰ ঘটনাৰ বিতং তদন্ত কৰিছে।

Leave A Reply