Breaking

৯১ গৰাকী নিকটাত্মীয়লৈ পেন্সন, লোকতন্ত্ৰ সেনানীক স্মৰণ অসম চৰকাৰৰ

0 66

৪৮ বছৰ পূৰ্বে অৰ্থাৎ ১৯৭৫ চনৰ আজিৰ দিনটোত দেশত ঘোষণা কৰা হৈছিল জৰুৰীকালীন অবস্থা। লোকতন্ত্ৰৰ সেনানী সকলক দেওবাৰে অসম চৰকাৰে শ্ৰদ্ধাৰে সোৱঁৰণ কৰাৰ লগতে ৯১ গৰাকী নিকটাত্মীয়লৈ মাহিলী পেন্সন ঘোষণা কৰে৷

উল্লেখযোগ্য যে প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে জৰুৰীকালীন অবস্থা ঘোষণা কৰি প্ৰয়াত মোৰাৰজী দেশাই, অটল বিহাৰী বাজপেয়ী, জৰ্জ ফাৰ্ণাণ্ডেজ আদি ৰাজনৈতিক নেতাক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ নিক্ষেপ কৰিছিল।

১৯৭৫ চনৰ পৰা ১৯৭৭ চনলৈ ২১ মাহৰ বাবে বলবৎ হোৱা জৰুৰীকালীন অৱস্থাই দেশত লোকতন্তৰ ধ্বংসৰ আখৰা বুলি চৰ্চিত হৈ আহিছিল। কিন্তু একাংশ দেশভক্তৰ বাবে সেয়া সম্ভৱ হৈ নুঠিল।

বৰং ভাৰতত গৌৰৱেৰে উৰিছিল লোকতন্ত্ৰৰ বিজয় ধ্বজা। চলিত বৰ্ষৰ ১৯ এপ্ৰিলত অসম চৰকাৰৰ কেবিনেট বৈঠকত লোকতন্ত্ৰৰ সেনানী সকলক সোৱঁৰণ কৰাৰ লগতে যি সকলৰ পত্নী অথবা অবিবাহিতা কন্যা আছে তেওঁলোকক মাহিলী পেন্সন প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।

সেই মৰ্মে দেওবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৩০০ গৰাকী লোকতন্ত্ৰৰ সেনানীক শ্ৰদ্ধা সহকাৰে সোৱঁৰণ কৰাৰ লগতে তেওঁলোকৰ নিকটাত্মীয় ৯১ গৰাকীক মাহিলী ১৫ হাজাৰ টকাকৈ পেন্সন প্ৰদান কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। ড° শৰ্মাই প্ৰয়াত লোকতন্ত্ৰৰ সেনানী সকলক গভীৰ শ্ৰদ্ধা নিবেদন কৰি তেওঁলোকৰ ত্যাগ আৰু অবদান সোৱঁৰণ কৰে।

আনহাতে তেওঁলোকৰ জীবিত পত্নী আৰু অবিবাহিতা কন্যাক এতিয়াৰে পৰা মাহিলী ১৫ হাজাৰ টকাকৈ পেন্সন প্ৰদানৰ বিষয়েও ঘোষণা কৰে।

Leave A Reply