Breaking

তৈল উৎপাদন প্ৰতিষ্ঠানত ৯৫ শতাংশ নিযুক্তিৰ দাবী আলফা স্বাধীনৰঅ’এনজিচি, অইল আৰু ভাৰতীয় তৈল নিগমলৈ ৰাজহুৱা জাননী

0 2,048

 ৰাজহুৱা খণ্ডৰ তৈল প্ৰতিষ্ঠান অ’এনজিচি, অইল আৰু ভাৰতীয় তৈল নিগমলৈ ৰাজহুৱা জাননী জাৰী কৰিছে আলফা স্বাধীনে। আজি তিনিওটা প্ৰতিষ্ঠানৰ প্ৰতি জাননী জাৰী কৰি আলফা স্বাধীনৰ দাবী মানি ললে সামৰিক অভিযানৰপৰা বিৰত থাকিব অন্যথা সশস্ত্ৰ প্ৰতিবাদৰ বিকল্প নাথাকিব বুলি হুংকাৰ প্ৰদান কৰিছে সংগঠনটোৱে। সংযুক্ত মুক্তি বাহিনী অসম চমুকৈ আলফা স্বাধীনৰ প্ৰচাৰ বিভাগৰ হৈ ৰুমেল অসমে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা ৰাজহুৱা ৰাজহুৱা জাননী খনত সাতটাকৈ বিষয় উত্থাপন কৰিছে আলফা স্বাধীনে। জাননী অনুসৰি জন্মলগ্নৰেপৰা এই প্ৰতিষ্ঠান কেইটাই অসমৰ কিমান সম্পদ নিলে আৰু লাভৰ কিমান শতাংশ অসমে পালে তাৰ শুদ্ধ তথ্য মুকলিকৈ প্ৰকাশ কৰাৰ দাবী উত্থাপন কৰিছে। দ্বিতীয়তে এই প্ৰতিষ্ঠানকেইটাৰ পৰিচালন সঞ্চালক পদত যোগ্য থলগিৰি ব্যক্তিৰ বাবে সংৰক্ষণ কৰাৰ দাবী। তৃতীয়তে প্ৰতিষ্ঠান কেইটাত চাকৰি ৯৫% কেৱল থলগিৰিৰ বাবে সংৰক্ষণ কৰাৰ লগতে চাকৰিৰ বাবে অনুষ্ঠিত কৰা যোগ্যতা নিৰ্ণয়কাৰী পৰীক্ষা অসমতেই অনুষ্ঠিত কৰাৰ দাবী। আনহাতে তিনিওটা প্ৰতিষ্ঠানৰ চাকৰি নিযুক্তিত চলি থকা অসাধু চক্ৰৰ ৰমৰমীয়া ক’লা বজাৰ বন্ধ কৰাৰ লগতে অসাধু চক্ৰটোক উৎখাত কৰাৰ দাবী জনোৱাৰ লগতে ঠিকাভিত্তিক নিয়োগ কৰা চাকৰি নিয়মীয়া কৰাৰ দাবী আলফা স্বাধীনৰ। আলফা স্বাধীনৰ অভিযোগ অনুসৰি প্ৰতিষ্ঠান কেইটাত ৮০ শতাংশ নিযুক্তি অনৈতিক পথেৰে সম্পন্ন হয় আৰু য’ত একোটা চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নিযুক্তিত পঁচিশচৰপৰা ত্ৰিশ লাখ টকা উৎকোচ লোৱা হয়। আনহাতে অসমৰ গাঁও সমূহলৈ পাইপযোগে ৰন্ধন গেছৰ যোগান ধৰাৰ লগতে অসমৰ প্ৰাকৃতিক সম্পদৰ লাভ অসমবাসীয়ে ভোগ কৰাতো সুনিশ্চিত কৰিবলৈ দাবী ৰাজহুৱা জাননীৰ জৰিয়তে।  প্ৰতিষ্ঠানৰ কেইটাই বিভিন্ন দল-সংগঠনক উৎসৱ-পাৰ্বন আয়োজন কৰিবলৈ দান-বৰঙণি দিয়াৰ বিপৰীতে অসমৰ সামগ্ৰিক বিকাশৰ লগতে বানপীড়িত তথা প্ৰাকৃতিক দুৰ্যোগত পতিত আৰ্তজনৰ সহায়ৰ বাবে প্ৰতিটো প্ৰতিষ্ঠানে প্ৰত্যক্ষ ভাৱে পাঁচ কোটিকৈ টকা আগবঢ়াব লাগিব বুলি ৰাজহুৱা জাননী জাৰি কৰিছে  আলফা স্বাধীনে। আলফা স্বাধীনৰ উপ সভাপতি তথা সেনাধ্যক্ষ পৰেশ অসম স্বাক্ষৰিত ৰাজহুৱা জাননী অনুসৰি  আলফা স্বাধীনৰ এই বিষয়কেইটা অ’এনজিচি, অইল আৰু ভাৰতীয় তৈল নিগম কৰ্তৃপক্ষই মানি চলাৰ প্ৰতিশ্ৰুতি দিলে প্ৰতিষ্ঠান কেইটাৰ বিৰুদ্ধে আলফা স্বাধীনে অনিৰ্দিষ্ট কাললৈ সামৰিক অভিযানৰ পৰা বিৰত থাকিব অন্যথা সশস্ত্ৰ প্ৰতিবাদৰ বিকল্প নাথাকিব বুলি হুংকাৰ প্ৰদান কৰিছে।

Leave A Reply