Breaking

তেজপুৰত তৰুণ অসম সংঘৰ ৯৫ সংখ্যক প্ৰতিষ্ঠা দিৱস…

0 20

১৯১৫ চনত গঠন হোৱা তেজপুৰৰ অসমীয়া ক্লাবৰ দৰে, ১৯৩০ চনত গঠন হোৱা তৰুণ অসম সংঘই তেজপুৰ চহৰৰ
মাজ-মজিয়াত সংঘৰ স্বকীয় বৈশিষ্ট্যৰে নিজৰ সত্বা জিলিকাই ৰাখি ৯৫ বছৰত ভৰি দি গৌৰৱৰ ধ্বজ্জা উৰুৱাবলৈ সক্ষম হৈছে।

দেশপ্ৰাণ লক্ষীধৰ শমাৰ নেতৃত্বত ১৯৩০ চনৰ সময়ছোৱাত জাতীয চেতনাবোধ থকা ছাত্ৰ ছাত্ৰী সকলক লৈ গঠন হোৱা তৰুণ অসম সংঘৰ প্ৰেক্ষাগৃহত তেজপুৰৰ বিশিষ্ট ব্যক্তি সকলৰ উপস্থিতিত আজি এখন গাম্ভীৰ্যপূন সভা অনুষ্ঠিত হয়৷

সভাত তৰুণ অসম সংঘৰ জেষ্ঠ সদস্য প্ৰনৱ কুমাৰ মজুমদাৰক এখনি ফুলাম গামোচা, অঙ্গ বস্ত্ৰ, চেলেং, এটি স্মাৰক আৰু সম্বৰ্ধনা পত্ৰৰে বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়৷ সংঘৰ ৯৫ বছৰীয়া ইতিহাস সম্বলিত এখনি গ্ৰন্থ দেশপ্ৰাণ লক্ষীধৰ শমাৰ স্মৃতিত বিশিষ্ট ব্যক্তি ৰামচন্দ্ৰ চুতীয়াই আনুষ্ঠানিকভাবে উন্মোচন কৰে৷


সভাত মুখ্যঅতিথি হিচাপে অংশগ্ৰহণ কৰে তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই।

Leave A Reply