Breaking

ইউজিচি নেট, গেটত উজলিল ইউএছটিএমৰ ৯৯ গৰাকী ছাত্ৰ-ছাত্ৰী…

0 2,065

বেক পলিচীৰ অন্তৰ্গত ইউএছটিএমৰ নেট, গেট উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা। ইউনিভাৰচিটী অব্‌ চায়েন্স এণ্ড টেকন’লজি মেঘালয়ে আজি এক সুন্দৰ অনুষ্ঠানত ২০২০-২০২১ ত নেট /গেট / জেআৰএফ উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলৰ সফলতা উদযাপন কৰে, য’ত ‘পে-বেক পলিচী’ৰ অন্তৰ্গত ৯৯ গৰাকী সফল ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। বিশ্ববিদ্যালয়খনৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত এই অনুষ্ঠান অনুষ্ঠিত হয়। অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ সঞ্চালক ধৰ্মকান্ত মিলিয়ে (এচিএছ) মুখ্য অতিথি হিচাপে আৰু মেঘালয়ৰ ৰি-ভই জিলাৰ উপায়ুক্ত অৰ্পিত উপাধ্যায়ে (আইএএছ) সন্মানীয় অতিথি ৰূপে অনুষ্ঠানৰ সৌষ্ঠব বঢ়ায়। এই পুৰস্কাৰ অনুষ্ঠানৰ মুখ্য উদ্দেশ্য আছিল ছাত্ৰ-ছাত্ৰীসকলৰ মাজত প্রতিযোগিতামূলক ভাবৰ সৃষ্টি কৰা।

ছাত্ৰ-ছাত্ৰীসকলক নেট, গেট, ষ্লেট, আইএএছ, বা ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা অনুষ্ঠিত কৰা অন্য যিকোনো শীৰ্ষ পৰ্যায়ৰ প্রতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হোৱাত উৎসাহিত কৰিবলৈ ইউএছটিএমে পে-বেক পলিচী আৰম্ভ কৰিছে যাৰ অধীনত এই এইসমূহ পৰীক্ষাত উত্তীৰ্ণ বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ মাচুল ঘূৰাই পাব। বিভিন্ন পৰীক্ষাৰ প্ৰত্যাশীসকলৰ বাবে বিশেষ কোচিং আৰু মাগদৰ্শন সুবিধাও প্রদান কৰা হয়। ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনাই অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ সঞ্চালক ধৰ্মকান্ত মিলিয়ে কয় যে, অতিমাৰীৰ মাজতো ৯৯ জনকৈ ছাত্ৰ-ছাত্ৰীয়ে ৰাষ্ট্ৰীয় স্তৰৰ প্ৰতিযোগিতামূলক পৰীক্ষাত সুখ্যাতি অৰ্জন কৰাটো যথেষ্ট শলাগিবলগীয়া কথা। ‘নাক’ৰ এ-গ্ৰেড প্রাপ্ত বিশ্ববিদ্যালয়খনে অসম সাহিত্য সভাৰ প্রাক্তন সভাপতিসকলৰ নামত যি ছাত্ৰবৃত্তি আগবঢ়াইছে সেয়া যথেষ্ট প্রশংসনীয়। উপায়ুক্ত শ্ৰী অৰ্পিত উপাধ্যায়ে সকলো ছাত্ৰ-ছাত্ৰীকে উৎসাহিত কৰি কয় যে, তেওঁলোকে জীৱনৰ লক্ষ্য স্থিৰ কৰি সেই লক্ষ্যত উপনীত হোৱাৰ কাৰণে কঠোৰ অনুশাসনৰ মাজেৰে পৰিশ্ৰম কৰা উচিত।

এই উপলক্ষে ইউএছটিএমৰ আচাৰ্য মেহবুবুল হকে কয় যে বিশ্ববিদ্যালয়খনে ছাত্ৰ-ছাত্ৰীসকলক এনেকৈ উৎসাহিত তথা অনুপ্ৰেৰণা যোগাই আহিছে যাতে তেওঁলোক অধিক প্রতিযোগিতামূলক আৰু অনুপ্রাণিত হয়। তেওঁ আৰু কয় যে ইউএছটিএমে ইয়াৰ “ভিজন৫০ একাডেমী”ৰ অন্তৰ্গত প্রতিযোগিতামূলক পৰীক্ষাৰ বাবে তীব্ৰতৰ কোচিং আৰম্ভ কৰিছে। ইউএছটিএমৰ প্ৰশাসনীয় সঞ্চালক ড০ বলেন্দ্ৰ কুমাৰ দাসৰ শলাগৰ শৰাইৰে অনুষ্ঠানটোৰ সামৰণি পৰে।

Leave A Reply