Breaking

জাতীয় বীৰ লাচিত মৈদামত আহোম সেনাৰ নৱম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

0 2,048

অসমীয়া জাতিৰ সৰ্বাংগীণ উন্নতি আৰু অধিকাৰ কামনা কৰি আপোচবিহীনভাৱে অসমৰ ৰাজনৈতিক, ভৌগোলিক তথা অৰ্থনৈতিক অৱস্থাৰ অনিয়ম অন্যায়ৰ বিৰদ্ধে মাত মাতি আহিছে আহোম সেনাই ৷কেৱল অসম তথা ভাৰতবৰ্ষতে নহয়, বিশ্বৰ সৰ্বোচ্চ ন্যায়ালয় ৰাষ্ট্ৰসংঘৰ মজিয়াতো নিজৰ স্থিতি অটল কৰি তুলিবলৈ সক্ষম হোৱা অসমৰ অন্যতম অৰাজনৈতিক সংগঠন আহোম সেনাই বৃহস্পতিবাৰে নৱম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস ভাগি উদযাপন কৰে ৷বৃহস্পতিবাৰে টীয়কৰ হোলোঙাপাৰস্থিত ঐতিহাসিক  বীৰ লাচিতৰ মৈডাম প্ৰাংগণত দিনযোৰা কাৰ্যসূচীৰে আহোম সেনাই নৱম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। উল্লেখযোগ্য যে, আহোম সেনাৰ যোৰহাট জিলা সমিতিৰ উদ্যোগত ক’ভিডৰ ভয়াবহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বৃহস্পতিবাৰে পুৱা পৰিৱেশ নিকাকৰণ, পতাকা উত্তোলন, মৈডাম তৰ্পণৰ লগতে আহোম সকলৰ ৰীতি নীতিৰে বানফী আৰু ফুৰালুং সমাপন কৰি পূৰ্ব পুৰুষসকলক শ্ৰদ্ধাৰে সোঁৱৰে ।লগতে প্ৰতিগৰাকী সদস্যই অসমৰ সৰ্বাংগীণ উন্নয়নৰ ক্ষেত্ৰত সদায় কাম কৰি যাব বুলি প্ৰতিশ্ৰুতিবদ্ধ হয় । ইপিনে দিনযোৰা কাৰ্যসূচীৰ লগত সংগতি ৰাখি অসমৰ কেইবাগৰাকীও বিশিষ্ট সমাজকৰ্মী-সাংবাদিকক সম্বৰ্দ্ধনা জনায় সংগঠনটোৱে ৷ এই প্ৰতিষ্ঠা দিৱস ভাগিত কেন্দ্ৰীয় সমিতিৰ সভাপতি অংকুৰ ফুকন,লাচিত মৈদাম সংৰক্ষণ সমিতিৰ সভাপতি হৰেন বৰুৱা, সম্পাদক মহেন্দ্ৰ গগৈ, কৃষি বিপ্লৱী মহিলা ৰুণ জুন গগৈ, সাহিত্যিক তথা অসম আৰক্ষী যোগাযোগ বিভাগৰ মিন্টু হাজৰিকা, প্ৰাগ নিউজৰ উজনি অসম ব্যুৰ উৎপল বৰা,কেন্দ্ৰীয় সমিতিৰ সহ সম্পাদক কৌশিক হাতীবৰুৱা,যোৰহাট জিলা সমিতিৰ ৰক্তিম বুঢ়াগোহাঁই প্ৰমুখ্যে নেতৃবৰ্গ উপস্থিত থাকে।

Leave A Reply