Breaking

বৰপথাৰত নৱম শ্ৰেণীৰ ছাত্ৰীৰ ধনশিৰি দলঙৰ ওপৰৰ পৰা জাপ দি আত্মহত্যা!

0 88

ধনশিৰি মহকুমাৰ বৰপথাৰত বুধবাৰে বিয়লি সংঘটিত হৈছে এক চাঞ্চ্যলৰ ঘটনা। এগৰাকী নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীয়ে ধনশিৰি দলঙৰ ওপৰৰ পৰা জাপ দি আত্মহত্যা কৰা ঘটনাই এতিয়া অঞ্চলটোত শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে। বৰপথাৰ উচ্চত্বৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰী গৰাকীৰ নাম বিনীতা কুমাৰ। ছাত্ৰী গৰাকীৰ ঘৰ বৰপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত দুৱৰণি অঞ্চলৰ। পিতৃৰ নাম মহন কুমাৰ, স্কুল ছুটীৰ পাছত ছাত্ৰীগৰাকীয়ে বৰপথাৰ নগৰৰ পৰা কিছু দূৰত থকা ধনশিৰি নদীৰ দলঙৰ ওপৰৰ পৰা জাপ দি আত্মহত্যা কৰে।

ইপিনে আৰক্ষীয়ে দলঙৰ ওপৰত ছাত্ৰীগৰাকীৰ স্কুল বেগ আৰু এটা আত্মহত্যাৰ টোকা উদ্ধাৰ কৰিছে। উল্লেখ্য যে আত্মহত্যাৰ টোকাত ছাত্ৰীগৰাকীয়ে ঘৰুৱা অশান্তিৰ বাবে এই পথ ল’লে বুলি লিখি থৈ গৈছে। বৰ্তমানলৈকেছাত্ৰ গৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱা নাই যদিও SDRF বাহিনীয়ে উদ্ধাৰ অভিযান চলাই আছে।

Leave A Reply