ঢেকীয়াজুলি, ২৬ নৱেম্বৰ : শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি আৰক্ষী থানাৰ অন্তৰ্গত গেজেঙ্গাগুৰিত শোকাবহ দুৰ্ঘটনাত দুজন লোক নিহত হোৱা ঘটনাত বৃহত্তৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে ৷ ঘটনা সন্দৰ্ভত জানিব পৰা মতে, বুধবাৰে নিশা ৮-৩০ মান বজাত ওদালগুৰি জিলাৰ ওৰাঙৰ দিশৰ পৰা ঢেকীয়াজুলিৰ গেজেঙ্গাগুৰি অভিমুখে আহি থকা এখন (টমটম) ই-ৰিক্সা আৰু বিপৰীত দিশৰ পৰা তীব্ৰবেগত আহি থকা এখন AS 01 8545 নম্বৰৰ 709 ট্ৰাকৰ মুখামুখি সংঘৰ্ষ হোৱাত ই-ৰিক্সা আৰোহী ৰিপুঞ্জয় শৰ্মা আৰু ব্ৰজেন শৰ্মা নামৰ লোক দুজন থিতাতে নিহত হোৱাৰ লগতে ই-ৰিক্সাখনৰ চালকজনৰ কথমপি প্ৰাণৰক্ষা পৰে ৷ নিহত দুয়ো সম্বন্ধত ভিনিহীয়েক খুলশালি আছিল ৷ নিহত ৰিপুঞ্জয় শৰ্মা নামৰ লোকজন দুৰ্ঘটনাত নিহত ব্ৰজেন শৰ্মাৰ সম্বন্ধত ভিনীহিয়েক আছিল ৷ দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন জব্দ কৰিছে ঢেকীয়াজুলিৰ যানবাহন আৰক্ষীয়ে ৷ নিহত ৰিপুঞ্জয় শৰ্মা গেজেঙ্গাগুৰিৰ শ্বহীদ দ্বীজেন ভূঁঞা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী প্ৰণতি শৰ্মাৰ স্বামী আছিল বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যেই দুৰ্ঘটনাটোত নিহত লোকদুজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ৷ পথ দুৰ্ঘটনাত আকস্মিকভাৱে মৃত্যুক সাৱটি লোৱা সৰৱৰহী লোক দুজনৰ মৃত্যুত ঢেকীয়াজুলি আৰু গেজেঙ্গাগুৰিৰ বিভিন্ন দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰাৰ লগত মৃতকৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ফিটনেছৰ ১৫ তম গৌৰৱময় বৰ্ষ উদযাপন গোল্ড জিম গণেশগুৰিৰ…
- বিশিষ্ট শিক্ষাবিদ-সমাজকৰ্মী কুঞ্জমোহন বৰাক কলেজ অৱ এডুকেশ্বন নগাঁৱৰ সম্বৰ্দ্ধনা…
- নগাঁও মহাবিদ্যালয় (অট’নমাচ)ৰ এন এছ এছ গোটৰ বিশেষ শিবিৰ…
- অসমীয়া অভিধান চোৱাৰ কৌশল আৰু বানানৰ সমস্যা শীৰ্ষক কৰ্মশালা সম্পন্ন….
- বৰো ধানৰ খেতিৰে দেউছতালত সেউজ বিপ্লৱ উদ্যমী কৃষক বলেশ্বৰ ৰংপীৰ; ধান কটা পৰ্ব আৰম্ভ…
- অসম আৰক্ষীৰ প্ৰাক্তন ফুটবল খেলুৱৈ মৰিগাঁৱৰ বিশিষ্ট নাগৰিক মমিন বৰদলৈৰ দেহাৱসান…
- বঙাইগাঁৱত চৰম লজ্জানত ঘটনা ! প্ৰেমিক- প্ৰেমিকাৰ ওপৰত মধ্যযুগীয় আসুৰিক অত্যাচাৰ ! পাঁচ নৰপিশাচক আটক…
- ছিপাঝাৰত ছাগলী চোৰ বিপদত! মুখত ক’লা টেপ লগোৱা অৱস্থাত উদ্ধাৰ হ’ল ছাগলী…
- তীৰ্থনগৰী হাজোত দৈনন্দিন বাৰ্তা গোষ্ঠী চিৰঞ্জীৱী হোৱাৰ লক্ষ্যৰে সম্বৰ্ধনা অনুষ্ঠান…
- মৰিগাঁৱৰ মায়ং অঞ্চলত কৃষি মেলা আৰু প্ৰদৰ্শনী, স্মৰণিকা “নৱাৰুণ” উন্মোচন…