অনলাইন বাৰ্তা, ২৭ নৱেম্বৰ : অসমৰ ভূমিপুত্ৰ মটক জনগোষ্ঠীৰ আৰ্থ-সামাজিক, ক্ৰীড়া-সাংস্কৃতিক উন্নয়ন, শোষণ-বঞ্চনা আৰু ন্যায প্ৰাপ্তিৰ হকে কাম কৰি যাবৰ ১৯৩৯ চনৰ ২৪ নৱেম্বৰত তাৰিখে সেই সময়ৰ জনগোষ্ঠীটোৰ কেইগৰাকীমান পুৰুধা ব্যক্তিৰ মহান প্ৰচেষ্টাত সদৌ অসম মটক সন্মিলনে জন্ম গ্ৰহণ কৰিছিল । জন্ম লগ্নৰে পৰা সন্মিলনে মটক জনগোষ্ঠীৰ সৰ্বাংগীণ উন্নয়নৰ লগতে জনজাতিকৰণ, স্বায়ত্ত শাসন আৰু অন্যান্য দাবীৰ বাবে মাত মাতি আহিছে। ভূমিপুত্ৰ হিচাপে ন্যায্য প্ৰাপ্তিৰ বাবে চলাই যোৱা দীঘলীয়া সংগ্ৰামখনত মটক জনগোষ্ঠীৰ ভাতৃ-ভগ্নী সংগঠনসমূহ সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলন, সদৌ অসম মটক মহিলা পৰিষদ, সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদ, সদৌ অসম মটক ছাত্ৰ সন্থাৰ সৈতে পিতৃ সংগঠনস্বৰূপে সন্মিলনে নিজৰ দায়িত্ব পালন কৰি ঐক্যবদ্ধ সংগ্ৰামৰ অংশীদাৰ হৈ আহিছে। তদুপৰি অসমৰ অন্যান্য জনগোষ্ঠীসমূহৰ সৈতে সমন্বয় ৰক্ষা কৰি অসমৰ জনগোষ্ঠীয় সমস্যা, অন্যান্য জাতীয় সমস্যাসমূহৰ সমাধানৰ্থে চলাই যোৱা সংগ্ৰামখনতো সক্ৰিয় অংশগ্ৰহণ কৰি আহিছে। মটক জনগোষ্ঠীৰ ৰাইজ তথা অসমবাসী ৰাইজৰ মৰম চেনেহৰ সহযোগত লালিত-পালিত হৈ সদৌ অসম মটক সন্মিলননে প্ৰতিষ্ঠা কালৰ পৰা ৮১ বছৰত উপনীত হৈছে। উল্লেখ যে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰণ গগৈৰ মহাপ্ৰয়াণৰ বাবে সংগঠনটোৱে যোৱা ২৪ তাৰিখে কেৱল পতাকা উত্তোলন কৰি তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই সকলো কাৰ্যসূচী স্থগিত ৰাখিছিল। মোহনবাৰী মিৰি পথাৰৰ ৰাজহুৱা প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত উক্ত দিৱসত লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱাই সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচী উদ্বোধন কৰি প্ৰায় ৭ কিঃমিঃ শোভা যাত্ৰাত অংশগ্ৰহণ কৰি পুনৰ মোহনবাৰীৰ মিৰি পথাৰ গাঁৱৰ ৰাজহুৱা প্ৰেক্ষাগৃহলৈ আহে। মটক জনগোষ্ঠী আটাইকেইটা সংগঠনৰ কেন্দ্ৰীয় বিষয়ববীয়াই অংশগ্ৰহণ কৰা সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচীত মটক জনগোষ্ঠীৰ গায়ন-বায়ন, বিহুৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীয় বাৰেৰহনীয়া নৃত্য প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা যায়।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- মুম্বাইৰ প্ৰাণঘাতী হৰ্ডিংখনৰ গৰাকী ভৱেশ ভিন্দেক গ্ৰেপ্তাৰ…
- ইউটিউবাৰ ভাঙা টিভি চিকিৎসালয়ৰ পৰা সুস্থ হৈ উভতিল নিজ ঘৰলৈ…
- মৰিয়নীস্থিত “হোলোঙাপাৰ গিবন অভয়াৰণ্য”ত কপিকুলৰ সন্মুখত ভাবুকি ৰেল বিভাগৰ বৈদ্যুতিক খুটা…
- অসমৰ প্ৰাক্তন শিক্ষামন্ত্ৰী তথা অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা থানেশ্বৰ বড়োৰ বিয়োগত গভীৰ শোক প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ…
- বেগী বলাৰ বিচাৰি অসমৰ বিভিন্ন প্ৰান্তত অসম ক্ৰিকেট সন্থাৰ বিশেষ পদক্ষেপ…
- পুনৰ বহিঃৰাজ্যত নিৰুদ্দেশ মাইনুল ইছলাম নামৰ লোকজন…
- পুনৰ শিল্পীক অপমান! মঞ্চত কণ্ঠশিল্পী সান্নিধ্য ভূঞাক চৰম অপমান, কিয় বাৰে বাৰে ইজনৰ পিছত সিজন শিল্পী অপমানিত হ’ব লগা হৈছে…
- শোণিতপুৰৰ বালিপৰাত পাৰিবাৰিক কন্দলত ৰহস্যজনক অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ…
- প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ মৃত্যুত বিভিন্নজনৰ গভীৰ শোক প্ৰকাশ…
- আজি পৰাগ কুমাৰ দাসৰ ২৯ সংখ্যক মৃত্যুবাৰ্ষিকী…