নগাঁও, ২৭ নৱেম্বৰ: নগাঁও আৰক্ষীৰ বিফলতাৰ বাবে জিলাখনত বৃদ্ধি পাইছে অপৰাধজনিত কাৰ্যকলাপ। সাধাৰণ ৰাইজৰ কথা বাদেই খোদ আৰক্ষীকে নিৰাপত্তা প্ৰদান কৰিব নোৱাৰা নগাঁও আৰক্ষীক এতিয়া কেৰেপ নকৰা হৈছে সাধাৰণ চোৰ-দগাবাজেও। শেহতীয়াভাৱে মৰিকলং আৰক্ষী চকীৰ ভিতৰতে ফুট-গধূলিতে আৰক্ষীক প্ৰহাৰ কৰি পলায়ণ কৰা ঘটনাৰ মুল অপৰাধীক আটক কৰাত চুড়ান্ত ভাৱে ব্যৰ্থ হোৱা নগাঁও আৰক্ষীৰ পৰিয়ালৰ লোকো এতিয়া শংকিত ক্ৰমবৰ্দ্ধমান অপৰাধজনিত কাৰ্যকলাপত। সেয়ে এতিয়া আৰক্ষী নিৱেশৰ ভিতৰতে চোৰৰ টিঘিলঘিলনি। আজি নগাঁও আৰক্ষী নিৱেশত চুৰি কৰিবলৈ আহি ধৰা পৰিল আছিক আহমেদ নামৰ এটা চোৰ। আৰক্ষী নিৱেশৰ কাষতে বাস কৰা এটা পৰিয়ালত চুৰি কৰিবলৈ যোৱা আছিক আহমেদ নামৰ চোৰটোক অৱশ্যে স্থানীয় ৰাইজে আটক কৰিবলৈ সক্ষম হয়। ৰাইজে আটক কৰি চোৰটোক উত্তম-মধ্যম সোধাই আৰক্ষীক গতাই দিয়ে। কিন্তু আছিকৰ সৈতে চুৰি কৰিবলৈ অহা আন এটা চোৰে সেই স্থানৰ পৰা পলায়ণ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে, সামাজিক মাধ্যমত অসমৰ ভিতৰতে সৰ্বাধিক প্ৰচাৰত গুৰুত্ব দিয়া নগাঁও আৰক্ষীয়ে আইন-শৃংখলা নিয়ন্ত্ৰনৰ দিশটোত সমানে গুৰুত্ব নিদিয়াৰ ফলতে জিলাখনত ব্যাপক হাৰত বৃদ্ধি পাইছে অপৰাধজনিত কাৰ্যকলাপ। শেহতীয়াভাৱে নগাঁও আৰক্ষীক অপৰাধীয়ে তিলমানো কেৰেপ নকৰা কাৰ্যই আতংকিত কৰি তুলিছে জিলাখনৰ সাধাৰণ ৰাইজক।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- বয়সৰ পাৰ্থক্য ১৩ঃ টিভি উদ্যোগৰ জনপ্ৰিয় অভিনেতা কুশাল টণ্ডন আৰু অভিনেত্ৰী শিৱাংগী যোশীৰ এংগেজমেণ্টৰ প্ৰস্তুতি…
- ২০২৪ চনৰ এপ্ৰিলত ঐতিহাসিক হাৰত জিএছটি সংগ্ৰহঃ জিএছটি সংগ্ৰহত ৰাজ্য অনুসৰি বৃদ্ধি আছিল লক্ষ্যণীয়…
- ড° পূৰ্ণিমা দেৱী বৰ্মনলৈ আগবঢ়োৱা হুইটলে গ’ল্ড এৱাৰ্ডে আৰণ্যকৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ যাত্ৰাক সমৃদ্ধ কৰিছে…
- চালাড আৰু শাক-পাচলি খোৱাৰ আৰম্ভ কৰক ব্ৰেকফাষ্টত! ডায়েবেটিছৰ আশংকা কমিব…
- হঠাৎ কি হ’ল ৰাঘৱ চাড্ডাৰ! ৰাঘৱ চাড্ডাই হেৰুৱাব পাৰে দৃষ্টিশক্তি…
- “খনিকৰ পুথি”ৰ বিষয়ে জানক…
- নিৰ্বাচনৰ আগদিনা বৰষুণ আহিলে ব্যৱহাৰ কৰিবলগীয়া হ’ব পাৰে হাতী; চৰকাৰৰ মুখলৈ বাট নাচাই ৰাইজে গাঁঠিৰ ধন ভাঙি মেৰামতি কৰিছে পথ-দলং…
- মহাৰাষ্ট্ৰৰ ৰায়গড়ত হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত, শিৱসেনাৰ নেত্ৰী সুষমা আন্ধাৰেক ৰেলীলৈ নিবলৈ অহাৰ সময়তে এই অঘটন…
- ৰাজনৈতিক দলসমূহে ভোটাৰক প্ৰলোভিত কৰা বিজ্ঞাপন প্ৰকাশত নিষেধাজ্ঞা নিৰ্বাচন আয়োগৰ…
- শোণিতপুৰৰ বৰছলাৰ মুছলিম চাপৰিত মাৰণাস্ত্ৰসহ সক্ৰিয় গুলী জব্দ…