মোৰাঝাৰ, ২৭ নৱেম্বৰ : হোজাইৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত জয়নগৰ মাদ্ৰাছাত সংগঠিত হৈছে চুৰি কাণ্ড ৷ জালৰ পৰা দিন দুপৰতে টকা চোৰ কৰিবলৈ আহি চোৰ আটক হোৱাকলৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ৷ জুম্মাৰ নামাজৰ সুযোগ লৈ ১২.২০ বজাত টকা লুটিবলৈ আহিছিল চোৰ ৷ জয়নগৰ মাদ্ৰাছাৰ জাল চুৰিক লৈ বহুতো উত্তেজনা হৈছিল ৷ অৱশেষত ধৰা পৰিল চোৰ ৷ মোৰাঝাৰ আৰক্ষীয়ে ঘটনাস্থলিত উপস্থিত হৈ চোৰ কৰায়ও কৰি থানালৈ লৈ আনি মাৰাথান জেৰা অব্যাহত ৰাখে ৷ আৰক্ষীয়ে জানিব দিয়া মতে চোৰটো স্বপুৰ গাঁওৰ বাসিন্দা নুৰ আলীৰ পুত্ৰ ৰাজু আহমেদ (২৫) ৷ নীলবাগানত ভাড়া ঘৰত চোৰটো থাকে বুলি আৰক্ষী সুত্ৰত প্ৰকাশ ৷ ঘটনাৰ পিছতে জামিয়া অসম দাৰুল হাদিছ জয়নগৰ মাদ্ৰাছাৰ সম্পাদক সামচুল ইছলামে মোৰাঝাৰ থানাত এজাহাৰ দাখিল কৰে৷এজাহাৰত উল্লেখ কৰা মতে প্ৰায় ১৫ দিন আগত পথৰ কাষত থকা জালৰ পৰা চোৰ কৰি কৰিছিল নগধ ধন ৷ চি চি টিভি ফুটেজত চোৰটো চিনাক্ত কৰি আজি দ্বিতীয় দিনা চোৰ কৰিবলৈ অহা চোৰটো হাতে লুটে কৰায়ও কৰিবলৈ সক্ষম হয় ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- অসমলৈ সম্প্ৰসাৰণ হ’ল ৰয়েল ৰাজস্থান ফাউণ্ডেচনৰ পিংক প্ৰ’মিছ পদক্ষেপ
- কটন বিশ্ববিদ্যালয়ত আন্তৰ্জাতিক সংগ্ৰহালয় দিৱস উপলক্ষে প্ৰদৰ্শনী
- পাৰ্শ্বৱৰ্তী শ্ৰমিক ঐক্যমঞ্চৰ প্ৰতিবাদত উত্তাল নুমলীগড় শোধনাগাৰৰ প্ৰগতি দুৱাৰ…
- জ্যেষ্ঠ ৰাজনৈতিক নেতা, শিক্ষাবিদ থানেশ্বৰ বড়োৰ বিয়োগত অগপত শোকৰ ছা ! সাত দিনীয়া শোক দিৱস অগপৰ…
- গোগামুখত জননেতা ভীমবৰ দেউৰী ১২১ সংখ্যক জন্মজয়ন্তী উদযাপন ! দেউৰী জাতীয় পৰিষদে ভীমবৰক লৈ নিৰ্মাণ কৰিব চলচিত্ৰ…
- কাজিৰঙাত গঁড় হত্যা প্ৰতিৰোধী টাস্ক ফ’ৰ্চৰ দ্বিতীয়খন উচ্চস্তৰীয় বৈঠক…
- মুকালমুৱাৰ কালদিস্থিত আদৰ্শ বিদ্যালয়ৰ কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা…
- নাবালিকাক বাল্য বিবাহ কৰাই দিয়াৰ বাবে কাজী মুন্সী মুকবুল হুচেইনক গ্ৰেপ্তাৰ ওৰাং আৰক্ষীৰ
- বিশ্ব হিন্দু পৰিষদৰ উদ্যোগত সীতা নৱমী উদযাপন…
- গোলোকগঞ্জৰ হালাকুৰাত জুম্মাৰ নামাজৰ পিছতেই মাটিক লৈ দুই ফৈদৰ মাজত মাৰ পিটৰ ঘটনা…