ৰাজপথত আৰ্তজনৰ সৈতে বৰদিন উদযাপন কৰিলে ছানী লিয়নে…

খ্ৰীষ্টমাছ ২০২৩: ছানী লিয়নে এইবাৰ বিশেষ ধৰণেৰে বৰদিন উদযাপন কৰিছে। অভিনেত্ৰীগৰাকীয়ে এইবাৰ আৰ্তজনৰ সুখৰ বাবে কাম কৰি স্বামী ডেনিয়েল ৱেবাৰ আৰু সন্তানৰ সৈতে বৰদিন উদযাপন কৰিছে। প্ৰতি বছৰৰ দৰে এইবাৰো বৰদিনৰ উত্তেজনা দেখা গ’ল বলীউডত। চেলিব্ৰিটিসকলে নিজৰ নিজৰ ষ্টাইলত উদযাপন কৰিছে এই বিশেষ দিনটো। অভিনেত্ৰী তথা উদ্যোগী ছানী লিয়নে এইবাৰ বিশেষ ধৰণেৰে বৰদিন উদযাপন কৰিছে। স্বামী ডেনিয়েল ৱেবাৰ আৰু সন্তানৰ সৈতে অভিনেত্ৰীগৰাকীয়ে এইবাৰ আৰ্তজনৰ সৈতে বৰদিন উদযাপন কৰিছে। বৰদিনৰ দিনা ছানি-ডেনিয়েল আৰু তেওঁলোকৰ সন্তান দুটাই মুম্বাইৰ ৰাজপথত সুখ বিয়পাবলৈ ওলাই আহিল বহুত উপহাৰ লৈ।

বৰদিন উদযাপন বহু ছবি ছ’চিয়েল মিডিয়াত প্ৰকাশ পাইছে, য’ত দম্পতীহালে আৰ্ত শিশুক বৰদিনৰ উপহাৰ দিয়া দেখা গৈছে। অনুৰাগীসকলে ছানি লিয়নৰ এই সুন্দৰ ইংগিতৰ প্ৰশংসা কৰিছে। ইয়াৰ লগতে ছানি লিয়ন, ডেনিয়েল আৰু তেওঁলোকৰ পৰিয়ালে উপহাৰৰ বাহিৰেও বৰদিনৰ আনন্দ বিয়পাই দিলে, যিয়ে সমাজৰ লোকসকলৰ মাজত আশাৰ অনুভূতি জগাই তুলিলে।

Related Articles