গুৱাহাটী, ২৭ নৱেম্বৰ : ‘সাংবাদিকতাৰ দৰে এটা জটিল কৰ্মৰ সৈতে জড়িত হৈ কাব্য চৰ্চ্চা ৰঞ্জিত পাটগিৰিয়ে অব্যাহত ৰাখিছে। ৰঞ্জিত পাটগিৰি এগৰাকী সাৰ্থক, উজ্জ্বল সম্ভাৱনাময় কবি- এইদৰে কয় বিশিষ্ট লেখক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে। শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱতনতুন প্ৰজন্মৰ জনপ্ৰিয় কবি, সাংবাদিক ৰঞ্জিত পাটগিৰিৰ কবিতা পুথি “প্ৰিয় বৰ্ণ” উন্মোচন কৰি এনেদৰে কয় ড০ পৰমানন্দ ৰাজবংশীয়ে। তেওঁ লগতে কয় ‘ ৰঞ্জিত পাটগিৰি সাংবাদিক যদিও মাটি আৰু মানুহৰ গোন্ধেৰে আমোল মোল এটা সত্বা। গ্ৰন্থক ভগৱানৰ দৰে গণ্য কৰোঁ। গ্ৰন্থৰ মৃত্যু নাই। ভগৱানৰ বিমূৰ্ত ৰূপ হৈছে গ্ৰন্থ। সেই ধাৰণা আমি জীয়াই ৰাখিব লাগিব। আজিকালি অধিকাংশ যুৱপ্ৰজন্ম মবাইলত আক্রান্ত হোৱা দেখা যায়। যাৰফলত তেওঁলোকৰ মাজত গ্ৰন্থ পঢ়াৰ প্ৰতি অনীহা দেখা যায়। গ্ৰন্থই হে জ্ঞান দিয়ে ম’বাইল বা প্ৰযুক্তিয়ে নহয়। এই ধাৰণা আমি জীয়াই ৰাখিব লাগিব। বৰ্ণৰ খেলাই সাহিত্যৰ বুনিয়াদ। কবিতাপুথি খনৰ নামটো সুন্দৰ হৈছে। ৰঞ্জিত পাটগিৰিৰ কবিতাই এটা নতুন দিশক প্ৰতিনিধিত্ব কৰিছে। এই কবিতা পুথিখন সকলোৱে আদৰি ল’ব বুলি আশা কৰিলোঁ।’ উন্মোচনী সভাতগ্ৰন্থ উন্মোচনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই কয় ‘ অসমত কবিৰ সৃষ্টি কৰ্মত সংকট অহা নাই। ৰাজ্যত যথেষ্ট সাৰ্থক, উদীয়মান কবিৰ সৃষ্টি হৈ আছে। এই কবি সকলক লৈ গৌৰৱ অনুভৱ কৰোঁ যেতিয়া এই কবি সকলে অসমৰ চিত্ৰ অংকন কৰে। কবি-সাংবাদিক ৰঞ্জিত পাটগিৰিৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। লগতে প্ৰকাশক অপূৰ্ব কলিতাক ধন্যবাদ জনালোঁ। কবিতা পুথিখনত কেইবাটাও সুন্দৰ কবিতা সন্নিবিষ্ট কৰা হৈছে।’ সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি আমাৰ কাকতৰ ডেপুটী এডিটৰ, বিশিষ্ট গীতিকাৰ গৌতম শৰ্মাই কয় ‘ৰঞ্জিত পাটগিৰিৰ কবিতাত নিজ গাঁওখনৰ সৈতে থকা সম্পৰ্ক স্পষ্টভাবে প্ৰকাশ হয়। কবি, লেখক সকল ভগৱানৰ সেৱক। ৰঞ্জিত পাটগিৰিয়ে জটিলতা, সীমাবদ্ধতাৰ মাজত থাকিও কবিতা লিখি যাওক। অসমীয়া কবিতা লিখা সকলে, সাহিত্য চৰ্চা কৰা সকলে নিজৰ সন্তানক অসমীয়া মাধ্যমৰ বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিবলৈ দিয়ক, অসমীয়া ভাষা শিকাওক।’ উন্মোচনী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি জ্যেষ্ঠ সাংবাদিক তথা গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি মনোজ কুমাৰ নাথে কয় ‘ কবি ৰঞ্জিত পাটগিৰী প্ৰচুৰ সম্ভাৱনাময় কবি। নৈ পৰীয়া মানুহৰ সুখ দুখ ৰঞ্জিত পাটগিৰিৰ কবিতাত পাইছোঁ। বহু সাংবাদিকৰ গল্প, কবিতা চৰ্চাৰ লগতে সাহিত্য চৰ্চাৰ দখল আছিল যদিও সময়ত গতিত সেইবোৰ হেৰাই যোৱা দেখিছোঁ। গতিকে সাংবাদিকতাৰ লগতে ৰঞ্জিত পাটগিৰিক সাহিত্য চৰ্চা অব্যাহত ৰাখিব বুলি আশা কৰিলোঁ। ‘ সভাত আন এগৰাকী বিশিষ্ট অতিথি জ্যেষ্ঠ সাংবাদিকঅচ্যুত কুমাৰ পাটোৱাৰীয়ে কয় ‘ ৰঞ্জিত পাটগিৰিৰ কবিতাত আধুনিক জীৱনৰ আশা, নিৰাশা, দুখ বেদনা আছে। সম্প্ৰতি অসমীয়া কবিতাৰ বহু উত্তৰণ ঘটিছে। কবিতা আবেগৰ বিষয়। এখন সুন্দৰ গ্ৰন্থ ৰাইজক উপহাৰ দিয়া বাবে কবি সাংবাদিক ৰঞ্জিত পাটগিৰিক শুভেচ্ছা জনালোঁ।’ সুন্দৰ বেটুপাতেৰে প্ৰস্তুত কৰি উলিওৱা গ্ৰন্থখনত সন্নিৱিষ্ট কৰা হয় ৪৪টা কবিতা৷ গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে এম আৰ পাব্লিকেশ্বনে৷ কাব্য সমালোচক বিপুল শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত আমাৰ অসমৰ ডিউটি এডিটৰ, বিশিষ্ট গীতিকাৰ গৌতম শৰ্মা, জ্যেষ্ঠ সাংবাদিক অচ্যুত কুমাৰ পাটোৱাৰী, জগদীশ শৰ্মাই গীত পৰিবেশন কৰে।অনুষ্ঠানত বহুকেইগৰাকী কবি, সাহিত্যিক, সাংবাদিক উপস্থিত থাকে ৷
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- ৬০ বছৰ বয়সত ‘মিছ ইউনিভাৰ্ছ বুয়েনছ আয়াছ’ খিতাপ অৰ্জনেৰে ইতিহাস ৰচিলে আলেজান্দ্ৰা মাৰিছা ৰড্রিগেজে…
- হেলিকপ্টাৰত উঠাৰ সময়তে উজুতি খাই পৰি আঘাতপ্ৰাপ্ত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী…
- গৰমত অফিচ যোৱাৰ পূৰ্বে কি কৰিব আৰু কি নকৰিব জানি লওক…
- চৰম অপুষ্টিত ভুগি কৰুণ মৃত্যুক সাৱটিলে দুই উচ্চ শিক্ষিত নিবনুৱা ভাতৃয়ে ! গোৱাৰ ফ্লেটত উদ্ধাৰ মৃতদেহ, বহুদিন ধৰি খাবলৈ পোৱা নাছিল আহাৰ
- ৰায়বৰেলীৰ পৰা বৰুণ গান্ধীক প্ৰতিদ্বন্দ্বিতাৰ প্ৰস্তাৱ বিজেপিৰ! প্ৰস্তাৱ নাকচ বৰুণৰ…
- চিয়াচেনৰ কাষতে পথ নিৰ্মাণ চীনৰ! কৃত্ৰিম উপগ্ৰহৰ ছবিত পোহৰলৈ আহিল চীনৰ ভয়ংকৰ অভিসন্ধিৰ কথা…
- লোকসভাৰ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ১৩ খন ৰাজ্যত ভোটগ্ৰহণ সম্পন্ন, দেশত ভোটদানৰ হাৰ ৬০.৯৬ শতাংশ, ১ লাখতকৈও অধিক ভোটকেন্দ্ৰত ৱেবকাষ্টিঙৰ সুবিধা…
- অসম, বিহাৰ, গোৱাত ৭ মে’ত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনঃ উল্লেখনীয় প্ৰাৰ্থী কোন কোন…
- পানীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সম্বৰ্ধনা অনুষ্ঠান…
- অসমৰ যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক শেষ জনপ্ৰিয় অভিনেত্ৰী শ্ৰুতি হাছানৰ! দুয়োজনে ইনষ্টাগ্ৰামত কৰিলে আনফ’ল’…