জামুগুৰিহাট,২৮ নবেম্বৰ: ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস দিনযোৰা কাৰ্যসূচীৰে চতিয়াৰ দক্ষিণাঞ্চলৰ দক্ষিণ নাগশংকৰ উচ্চ মাধ্যমিক বিদ্যালয়ত পালন কৰা হয়। দক্ষিণ নাগশংকৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী পাৰ্ৱতী শৰ্মাই দ্বীপ প্ৰজ্বলন কৰা অনুষ্ঠানত শ্বহীদ তৰ্পণ আগবঢ়ায় স্থানীয় সমাজকৰ্মী গংগা ঢকালে। ইয়াৰ পিচতে বিদ্যালয়ৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ তত্বাবধায়ক শিক্ষক অঞ্জন বাচকোটাই পতাকা উত্তোলন কৰে। পতাকা উত্তোলনৰ পিছতেই বিদ্যালয়ৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ কেডেটসকলে কুছ-কাৱাজ প্ৰদৰ্শন কৰে। ইয়াৰ পিছতেই বিদ্যালয়ৰ প্ৰধান শিক্ষক লীলা কান্ত শৰ্মাৰ পৌৰহিত্যত মুকলি সভা আৰু পুৰস্কাৰ বিতৰণৰ কাৰ্যসূচী অনুষ্ঠিত হয়। সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকা ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ তত্বাবধায়ক শিক্ষক ড. তিলক শৰ্মাই শিক্ষাৰ্থী জীৱনত ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ প্ৰয়োজনীয়তা আৰু মহত্বৰ বিষয়ে মননশীল ভাষণ আগবঢ়ায়। সভাত নাগশংকৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ অৱসৰী তত্বাবধায়ক শিক্ষক বাণেশ্বৰ বৰাই শিক্ষাৰ্থীসকলে ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীত থাকি কিদৰে দেশমাতৃৰ সেৱা কৰিব পৰা যায় তাৰ এক খতিয়ান দাঙি ধৰাৰ লগতে ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ ইতিহাস আৰু বৰ্তমানৰ স্থিতি সম্পৰ্কে তত্বগধুৰ ভাষণ আগবঢ়ায়। সভাত নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি ভাষণ প্ৰদান কৰে যথাক্ৰমে নাগশংকৰ উচ্চ মাধ্যমিক আৰু কুসুমতোলা আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ তত্বাবধায়ক শিক্ষকদ্বয় নয়ণমণি শইকীয়া আৰু কমল ভট্টৰাইয়ে। বিদ্যালয়ৰ শিক্ষাৰ্থী জীনা দেৱী, দীপা ভূজেল, লেখনাথ দৰ্জী, দীক্ষা দেৱা, ঋজু দেৱী, সন্তোষ গুৰুঙ আৰু ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ গোটে দেশভক্তিমূলক দলীয় গীত পৰিৱেশন কৰে। বিদ্যালয়ৰ তত্বাবধায়ক শিক্ষক অঞ্জন বাচকোটাই শলাগৰ শৰাই আগবঢ়োৱা সভাৰ শেষত ৰাষ্ট্ৰীয় সঙ্গীত পৰিৱেশন কৰা হয়।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- মাৰ্ঘেৰিটাৰ বৰগোলাইত তামাং বৌদ্ধ ধৰ্মাৱলম্বী লোকৰ বিশাল ধৰ্মীয় শোভাযাত্ৰা…
- শিক্ষকৰ বেত্ৰাঘাতত আহত সপ্তম শ্ৰেণীৰ ছাত্ৰী…
- বকোৰ লামপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনাত শিশু আৰু মহিলাসহ ৭জন আঘাতপ্ৰাপ্ত…
- দেৰগাঁৱত আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ দিৱস পালন…
- ৩০ বছৰ বয়সৰ পূৰ্বেই মাতৃ হৈ পৰিছে বহু শীৰ্ষ অভিনেত্ৰী, ৩০ বছৰৰ পূৰ্বে মাতৃ হোৱাৰ সুফল জানক…
- মহানগৰ আৰক্ষীৰ জালত ২টা চাইবাৰ অপৰাধী ! ইণ্টাৰনেটৰ সহায়ত প্ৰৱঞ্চনাৰ জাল মেলি লুটিছিল ২ কোটি টকা…
- পাবলৈ সহজ, চিনিবহে নোৱাৰি? মাত্ৰ ২ মাহৰ বাবে পোৱা এই ফল খালে বৃদ্ধি নহয় মুখৰ বয়স! ফলবিধৰ নাম কওক…
- শৰীৰৰ দুৰ্গন্ধঃ কেৱল দামী সুগন্ধিয়ে নহয়, এই সস্তীয়া ঘৰুৱা উপায়সমূহৰ দ্বাৰা দুৰ্গন্ধযুক্ত ঘামৰ পৰা আঁতৰি থাকিব পাৰিব…
- ৰাজ্যৰ নিবনুৱালৈ দুঃখবৰ ! চৰকাৰী চাকৰিৰ বাবে আৱেদন কৰা নিবনুৱা প্ৰাৰ্থীৰ পৰা ১৮ শতাংশ কৰ সংগ্ৰহ কৰিব চৰকাৰে…
- হাতৰ ৰেখাঃ বিবাহ ৰেখাৰ এই চিনটো অতি অশুভ, বিবাহিত জীৱনত প্ৰেম আৰু শান্তি নহ’ব…