ডবকা, ২৮ নৱেম্বৰ : ডবকাত অস্তিত্বৰ সংকটত আদিম যুগৰ লোকৰ পৰিয়ালৰ সদস্য। ভাৰত স্বাধীন হোৱাৰ পুৰ্বে ডবকাৰ দাতিকাষৰীয়া অঞ্চল চন্দান পুৰত বাস কৰিছিল চন্দান মিঞা নামৰ এজন লোক। চন্দান মিঞাৰ নামেৰে গাওঁখনৰ নাম নমাকৰণ হয় চন্দানপুৰ। সেই চন্দান মিয়াৰ পৰিয়াল আজি অস্তিত্বৰ সংকটত পৰি ককবকাইছে । কুতুবুদ্দিনৰ বৰদেউতাৰ নাম আছিল চন্দান মিঞা। সহজ সৰল লোকৰ পৰিয়ালটোৰ মাটি এটা বৃহৎ চক্ৰই জালিয়াতিৰে বিক্ৰী কৰাৰ অভিযোগ কুতুবুদ্দিনৰ । উপাইহীন হৈ পৰিয়ালটোৱে শংকৰদেৱ নগৰ মুন্সিফ আদালতৰ দ্বাৰস্থ হৈছে। আদালতত T. S 461/17 নম্বৰৰ গোচৰ চলি আছে আব্দুল লতিফ, আব্দুল হামিদ সহ এটা বৃহৎ চক্ৰৰ বিৰুদ্ধে। হোজাই জিলা উপায়ুক্তৰ কাৰ্যালয়তো কুতুবুদ্দিন আৰু চালেহা বেগমে গোচৰ তৰাত কাৰ্যবাহী দণ্ডাধীশ ধ্ৰুৱজ্যোতি নাথৰ আদালতে M/R গোচৰ নং 174/2019 ‘U/S 107/146 CRPCত গোচৰ চলি আছে যদিও চক্ৰটোৱে প্ৰায় তিনিবাৰকৈ হাজিৰ হোৱা নাই বুলি বিস্ফোৰক অভিযোগ কুতুবুদ্দিনৰ ।আদালত গোচৰ চলি থকাৰ সময়তে চক্ৰ টোৱে মাটি ডোখৰ পুজিপতিৰ হাতত বিক্ৰী কৰিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰিছে কুতুবুদ্দিনে। হোজাই জিলাত সহজ সৰল দুখীয়া লোকৰ মাটি সম্পত্তি হজম কৰাৰ এক প্ৰকাৰ প্ৰতিযোগিতা আৰাম্ভ হৈছে বুলি ব্যাপক চৰ্চা চলিছে। বৃহৎ ভুমাফিয়াৰ নেটৱৰ্ক সৃষ্টি কৰি এটাৰ পিছত আন এটা চাঞ্চল্যকৰ ঘটনা সংঘটিত কৰিছে যদিও জিলা প্ৰশাসনৰ নিৰৱ ভূমিকাত সচেতন মহলেও উদ্বেগ প্ৰকাশ কৰিছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- চিপছ, বিস্কুট; মিঠাই নাখাব ৰাতিপুৱা! কাৰণ জানি লওক, নহ’লে প্ৰস্তাৱ…
- সৰুপথাৰত আদিবাসী জনজাতি ঐক্য মঞ্চ অসমৰ সভা…
- হাগ্ৰামাই বিটিআৰত জংঘলৰাজ চলাইছিল, কুশাসন চলাইছিলঃ মন্ত্ৰী পীযুষ হাজৰীকা
- Vansh Goswami of Assam Joins the Prestigious National Defence Academy Inspired by Show ‘Vande Mataram’…
- লামডিঙ আৰক্ষী আৰু ছি আই বি দলৰ ড্ৰাগছৰ বিৰুদ্ধে পৃথকে পৃথকে অভিযানত উদ্ধাৰ লাখ লাখ টকাৰ হেৰ’ইন…
- লাহৰীঘাট চিনিয়ৰ চেকেণ্ডাৰী ইংলিচ স্কুলৰ শনিবৰীয়া ক্লাৱ ! কণ কণ সকলৰ নৃত্যই মন মুহিত কৰিলে অভিভাবক সকলৰ মন…
- নিৰ্বাচনৰ মাজতে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান অৰবিন্দ সিং লাভলীৰ…
- চামগুৰিৰ ৰঙাগড়াত পথ দুৰ্ঘটনাত নিহত এজন ব্য়ক্তি…
- বিচাৰকৰ সংজ্ঞা কোনে নিৰ্ধাৰণ কৰিব…
- লোকসভা নিৰ্বাচন, ২০২৪ৰ বাবে ৰাজনৈতিক দলসমূহৰ কুচ-কাৱাজ…