নগাঁও,২৮ নবেম্বৰ : প্ৰাক্তন ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোহাঁইৰ প্ৰয়াত পিতৃ সম্ভুনাথ গোহাঁইৰ সোঁৱৰণত কঠিয়াতলীৰ শগুনবাহী খেলপথাৰত কালিৰ পৰা আৰম্ভ হৈছে এখনি চলন্ত প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা।কভিড মহামাৰীৰ সন্ত্ৰাসৰ পিছত প্ৰায় ৯ মাহৰ বিৰতিৰ পাছত কঠিয়াতলীত অঞ্চলত অনুষ্ঠিত হল ফুটবল প্ৰতিযোগিতা। কঠিয়াতলী শগুনবাহী আঞ্চলিক ক্ৰীড়া সন্হাৰ সৌজন্যত অনুষ্ঠিত ফুটবল প্ৰতিযোগিতা খনিৰ উদ্ধোধন কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইয়ে । খেলৰ পূৰ্বেই ৰাজেন গোহাঁই প্ৰমুখ্যে উপস্থিত সকলোৱে সদ্যপ্ৰয়াত কিংবদন্তী ফুটবলাৰ ডিয়াগো মাৰাডোনাৰ আত্মাৰ সদগতিৰ বাবে শ্ৰদ্ধাঞ্জলি জনাই । কালি প্ৰতিযোগিতা খনিৰ প্ৰথমখন খেল জিয়াজুৰি আৰু শগুনবাহী দলৰ মাজত অনুষ্ঠিত হয়। খেলৰ আৰম্ভনিতে ফুটবলত কিক মাৰি উদ্ধোধন কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁইয়ে । নিদিষ্ট সময়ত খেলখনৰ সিদ্ধান্ত নোলোৱাত ট্ৰাইবেকাৰ পদ্ধতিৰে শগুনবাহী দল জয়ী হয় । ১৬ টা দলৰ মাজত অনুষ্ঠিত হোৱা প্ৰতিযোগিতা খনিৰ প্ৰথম পুৰস্কাৰ ত্ৰিশ হাজাৰ টকা আৰু দ্বিতীয় পুৰস্কাৰ বিশ হাজাৰ টকা । কালি প্ৰতিযোগিতা খনিৰ উদ্ধোধনী অনুষ্ঠানত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ লগতে নগাঁও ক্ৰীড়া সংস্হাৰ সম্পাদক প্লাবন বৰা , ক্ৰীড়াবিদ তপন দাস , সমাজকৰ্মী ৰীতা বৰগোহাঁই, নিৰুপমা বৰগোহাঁই, অঞ্জনা বৰগোহাঁই, ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ কাৰ্যনিৰ্বাহক সদস্য তথা চলন্ত প্ৰতিযোগিতা খনিৰ দাতা নৱাৰুন বৰগোহাঁই, চন্দন বৰা প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকলক উপস্থিত থাকে । উল্লেখযোগ্য যে ,বহু দিনীয়া বিৰতিৰ অন্ততঃ খেল উপভোগ কৰিবলৈ পায় দৰ্শকে ভিৰ কৰা দেখা যায় শগুনবাহী খেল পথাৰত।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- গৰমত অফিচ যোৱাৰ পূৰ্বে কি কৰিব আৰু কি নকৰিব জানি লওক…
- চৰম অপুষ্টিত ভুগি কৰুণ মৃত্যুক সাৱটিলে দুই উচ্চ শিক্ষিত নিবনুৱা ভাতৃয়ে ! গোৱাৰ ফ্লেটত উদ্ধাৰ মৃতদেহ, বহুদিন ধৰি খাবলৈ পোৱা নাছিল আহাৰ
- ৰায়বৰেলীৰ পৰা বৰুণ গান্ধীক প্ৰতিদ্বন্দ্বিতাৰ প্ৰস্তাৱ বিজেপিৰ! প্ৰস্তাৱ নাকচ বৰুণৰ…
- চিয়াচেনৰ কাষতে পথ নিৰ্মাণ চীনৰ! কৃত্ৰিম উপগ্ৰহৰ ছবিত পোহৰলৈ আহিল চীনৰ ভয়ংকৰ অভিসন্ধিৰ কথা…
- লোকসভাৰ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ১৩ খন ৰাজ্যত ভোটগ্ৰহণ সম্পন্ন, দেশত ভোটদানৰ হাৰ ৬০.৯৬ শতাংশ, ১ লাখতকৈও অধিক ভোটকেন্দ্ৰত ৱেবকাষ্টিঙৰ সুবিধা…
- অসম, বিহাৰ, গোৱাত ৭ মে’ত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনঃ উল্লেখনীয় প্ৰাৰ্থী কোন কোন…
- পানীগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সম্বৰ্ধনা অনুষ্ঠান…
- অসমৰ যুৱকৰ সৈতে প্ৰেমৰ সম্পৰ্ক শেষ জনপ্ৰিয় অভিনেত্ৰী শ্ৰুতি হাছানৰ! দুয়োজনে ইনষ্টাগ্ৰামত কৰিলে আনফ’ল’…
- দৈনিক ১ মাহ বিলাহীৰ ৰস খাওক, ওজনৰ লগতে শৰীৰৰ বহু সমস্যাৰ পৰা পৰিত্ৰাণ পাব…
- Guwahati Sports Association (GSA) celebrates 66th Foundation Day with glittering annual awards night